জনীয়া,7 অক্টোবৰঃশনিবাৰে জনীয়াৰ কলগাছিয়া চাৰিআলি চ'কত মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে এ আই ইউ ডি এফৰ কৰ্মীসকলে ৷ মন্ত্ৰীগৰাকীয়ে ফেচবুকত মিছা আৰু ভিত্তিহীন ভিডিঅ' প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷
কলগাছিয়াত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ AIUDFৰ - পুত্তলিকা দাহ
শনিবাৰে জনীয়াৰ কলগাছিয়া চাৰিআলি চ'কত মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰে এ আই ইউ ডি এফৰ কৰ্মীসকলে ৷ শিলচৰ বিমান বন্দৰত AIUDF সমৰ্থক সকলে আজিজ খান জিন্দাবাদ কোৱা কথাষাৰ সামাজিক মাধ্যমত পাকিস্তান জিন্দাবাদ বুলি লিখি মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই ফেচবুক প'ষ্ট কৰিছিল ৷ সেই প'ষ্টক ফেচবুক কৰ্তৃপক্ষই মিছা বুলি স্পষ্টিকৰণ দিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই পৰে এ আই ইউ ডি এফৰ কৰ্মীসকল ৷

কলগাছিয়াত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ AIUDFৰ
কলগাছিয়াত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ AIUDFৰ
ইপিনে প্ৰতিবাদকাৰী সকলে জানিবলৈ দিয়ে যে,শিলচৰ বিমান বন্দৰত AIUDF সমৰ্থক সকলে আজিজ খান জিন্দাবাদ কোৱা কথাষাৰ সামাজিক মাধ্যমত পাকিস্তান জিন্দাবাদ বুলি লিখি মন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাই ফেচবুক প'ষ্ট কৰিছিল আৰু সেই প'ষ্টক ফেচবুক কৰ্তৃপক্ষই মিছা বুলি স্পষ্টিকৰণ দিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই পৰে এ আই ইউ ডি এফৰ কৰ্মীসকল ৷ প্ৰতিবাদস্থলীৰ পৰাই মন্ত্ৰীগৰাকীক সাম্প্ৰদায়িক ৰাজনীতি নকৰিবলৈ সকিয়াই দিয়ে ৷
লগতে পঢ়কঃ অসমীয়া সু-স্বাদু খাদ্যৰে এইবাৰৰ ইটিভি ভাৰতৰ 'সঁফুৰা'