অসম

assam

ETV Bharat / state

কংগ্ৰেছৰ দুৰ্গ সৰুক্ষেত্ৰীত এআইইউডিএফৰ শেনচকু - সংঘাত

একপ্ৰকাৰ নিশ্চিত কংগ্ৰেছ-এআইইউডিএফ-ৰ নিৰ্বাচনী মিত্ৰতা ৷ আসনৰ বুজাপৰাক কেন্দ্ৰ কৰি সংঘাত সৃষ্টিৰ সম্ভাৱনা ক্ৰমাৎ গভীৰ হৈ পৰিছে দল দুটাৰ মাজত ৷ বৰপেটাৰ 8 টা সমষ্টিৰ 6 আসন দাবী কৰাৰ সম্ভাৱনা স্পষ্ট এআইইউডিএফ-ৰ ৷

aiudf demand sarukhetri lac barpeta assam etv bharat news
সৰুক্ষেত্ৰীত দলীয় সভা এআইইউডিএফৰ

By

Published : Nov 21, 2020, 1:26 PM IST

বৰপেটা,21 নৱেম্বৰ: শুকুৰবাৰে বৰপেটাৰ বৰবালা বজাৰত সম্পন্ন হৈ যায় এআইইউডিএফ-ৰ এক কৰ্মী সভা ৷ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিত অনুষ্ঠিত সভাখনত অংশগ্ৰহণ কৰে দলটোৰ কেন্দ্ৰীয় সমিতিৰ নেতা চম্পক কলিতাৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ নেতাই ৷ সভাখনত অংশগ্ৰহণ কৰি কলিতাই দলটোৱে ৰাজ্যখনৰ 50 টা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সাজু হৈ উঠাৰ কথা দাবী কৰে ৷ ’21 ৰ নিৰ্বাচনত এআইইউডিএফে বৰপেটা জিলাৰ 6 খনকৈ আসনত বিজয়ী হ’ব বুলি চম্পক কলিতাই কৰা কৌশলী মন্তব্যত দলটোৱে বৰপেটাৰ 8 টা সমষ্টিৰ 6 খন আসন দাবী কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰে ৷

এ কেটেগৰীৰ সমষ্টিত গুৰুত্ব প্ৰদান জনীয়াৰ বিধায়কৰ

ইপিনে সভাখনত অংশগ্ৰহণ কৰি জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে প্ৰদান কৰা ভাষণত সৰুক্ষেত্ৰী সমষ্টি এআইইউডিএফ দলৰ বাবে এ কেটেগৰীৰ সমষ্টি হিচাপে অভিহিত কৰে ৷ 2011 চনৰ পৰা যিবোৰ সমষ্টিত দলটোৰ বিধায়ক নিৰ্বাচিত হৈছিল অথবা বৰ্তমান উল্লেখিত সমষ্টিসমূহ এআইইউডিএফ-ৰ দখলত আছে আৰু যি সমষ্টিত নিচেই কম ভোটৰ ব্যৱধানত দলটোৱে পৰাজয় বৰণ কৰিছে, সেইবোৰ সমষ্টি দলটোৰ বাবে এ কেটেগৰীৰ সমষ্টি ৷ পৰৱৰ্তী নিৰ্বাচনৰ জৰিয়তে এইসমূহ সমষ্টি A+ সমষ্টিলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে সভাত উপস্থিত জনীয়াৰ বিধায়কগৰাকীয়ে ৷ তদুপৰি সৰুক্ষেত্ৰী সমষ্টিটো পৰৱৰ্তী নিৰ্বাচনত এআইইউডিএফে দখল কৰিব বুলি দাবী কৰে ইছলামে ৷ তাৎপৰ্যপূৰ্ণভাৱে কংগ্ৰেছৰ সৈতে মহাজোঁটবন্ধনৰ দিশে আগবঢ়াৰ কথা উল্লেখ কৰি এআইইউডিএফে A কেটেগৰীৰ আসন সমুহ কংগ্ৰেছে ত্যাগ কৰিব লাগিব বুলি স্পষ্টভাৱে প্ৰকাশ কৰে জনীয়াৰ বিধায়ক ৰফিকুল ইছলামে ৷

সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মীনাক্ষী ৰহমানৰ নিৰ্বাচনী প্ৰচাৰ

উল্লেখ্য যে, শেহতীয়াকৈ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মীনাক্ষী ৰহমানক কেন্দ্ৰ কৰি এআইইউডিএফে আৰম্ভ কৰা ব্যাপক সাংগঠনিক তৎপৰতাক লৈ চিন্তিত হৈ পৰিছে সৰুক্ষেত্ৰীৰ কংগ্ৰেছীসকল ৷ অৱশ্যে সমান্তৰালভাৱে বিধায়ক জাকিৰ হুছেইন শিকদাৰেয়ো আৰম্ভ কৰিছে সাংগঠনিক তৎপৰতা ৷ দুয়োটা দলৰ জল্পনা-কল্পনাৰ মাজতে এতিয়া মাথো অপেক্ষা পৰৱৰ্তী নিৰ্বাচনলৈ ৷ নিৰ্বাচনৰ ফলাফলেহে ভাগ্য নিৰ্ণয় কৰিব প্ৰাৰ্থীসকলৰ ৷

8 টা সমষ্টিৰ 6 আসন দাবী কৰাৰ সম্ভাৱনা স্পষ্ট এআইইউডিএফ-ৰ

লগতে চাওকঃনিৰ্বাচনী আয়োগক প্ৰত্যাহ্বান সদৌ তিৱা ছাত্ৰ সন্থাৰ

ABOUT THE AUTHOR

...view details