অসম

assam

ETV Bharat / state

এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড0 ৰফিকুল ইছলামৰ মনোনয়ন পত্ৰ দাখিল

বৰপেটাত আজমলক লগত লৈ মনোনয়ন দাখিল কৰিলে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড0 ৰফিকুল ইছলামে ৷ কেবাহাজাৰ সমৰ্থকক লগত লৈ মনোনয়ন দিবলৈ আহিল আজমল-ৰফিকুল

ইউডিএফৰ প্ৰাৰ্থী ড0 ৰফিকুল ইছলামৰ মনোনয়ন পত্ৰ দাখিল

By

Published : Apr 3, 2019, 6:14 PM IST

বৰপেটা, ৩ এপ্ৰিলঃ তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে আজি বৰপেটা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী ৰফিকুল ইছলামে মনোনয়ন পত্ৰ দাখিল কৰে ৷ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলক লগত লৈ আজি বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড0 ৰফিকুল ইছলামে ৷ আজমলে কয় যে, যোৱাবাৰৰ নিৰ্বাচনত বৰপেটা সমষ্টিত চিৰাজউদ্দিন আজমলে যিমান সংখ্যক ভেটত জয়ী হৈছিল তাৰ বিপৰীতে এইবাৰ ৰফিকুল ইছলামে তাত কৈ অধিক ভোটত জয়ী হ'ব ৷

ইউডিএফৰ প্ৰাৰ্থী ড0 ৰফিকুল ইছলামৰ মনোনয়ন পত্ৰ দাখিল

বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক আৰু ধুবুৰীৰ আবু তাহেৰ আলী বেপাৰীক হিমন্তৰ মানুহ বুলি অভিহিত কৰি কংগ্ৰেছে বিজেপিৰ সৈতে বুজাবুজি কৰি প্ৰাৰ্থী দিয়াতো প্ৰমাণকৰি দিলে বুলিও মন্তব্য কৰে আজমলে ৷ বিজেপিক বিদায় দিয়াটোৱে এ আই ইউ ডিএফৰ মূল লক্ষ্য বুলি কয় আজমলে ৷ ‘আমি ১১ টা সমষ্টিত চেক্ৰিফাইচ কৰিছো, কিন্তু কংগ্ৰেছে অন্ততঃ ৩ টা সমষ্টিত চেক্ৰিফাইচ কৰিব লাগিছিল ৷ কিন্তু কংগ্ৰেছে সেইটো নকৰিলে ৷ সেয়ে এইবাৰ ভোটাৰ ৰাইজে বুজাই দিব নিৰ্বাচন কি হয় ’ বুলি কয় আজমলে ৷ আজি মনোনয়ন পৰ্বত সমৰ্থকৰ উপস্থিতিয়ে প্ৰমাণকৰিছে নিৰ্বাচনী ফলাফল কি হ'ব বুলিও মন্তব্য কৰে আজমলে ৷ এ আই ইউ ডি এফৰ স্থিতি দূৰ্বল বুলি কংগ্ৰেছে কৰা সমালোচনাৰপ্ৰত্যুত্তৰত আজমলে কয় যে ‘যিসকল অভাৰ কনফিডেন্ট সেইসকলেই হাৰে ৷ আনহাতে এইবাৰৰ নিৰ্বাচনত এ আই ইউ ডিএফৰ প্ৰাৰ্থী নিশ্চিতভাৱে জয়ী হ'ব বুলি প্ৰকাশ কৰে’ ৷

ABOUT THE AUTHOR

...view details