অসম

assam

ETV Bharat / state

বৰপেটাত অনুষ্ঠিত 'আইদেউৰ বুলনি' শীৰ্ষক অনুষ্ঠান - aideor buloni

দেওবাৰে বৰপেটা জিলা বিজেপিৰ মুখ্য কাৰ্যালয় অটল ভৱনত অনুষ্ঠিত হয় "আইদেউৰ বুলনি" অনুষ্ঠান ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ নিৰ্দেশক্ৰমে অনুষ্ঠিত হয় এই অনুষ্ঠানৰ ৷

আইদেউৰ বুলনি
বৰপেটাত অনুষ্ঠিত 'আইদেউৰ বুলনি' শীৰ্ষ অনুষ্ঠান

By

Published : Feb 2, 2020, 4:52 PM IST

বৰপেটা, ২ ফেব্ৰুৱাৰীঃদ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যিক বিজেপিৰ সভাপতিৰ কাৰ্যভাৰ গ্ৰহন কৰিয়েই দলৰ সাংগঠনিক স্থিতি অধিক মজবুত কৰাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহনৰ কথা ঘোষণা কৰিছিল ৰণজিৎ কুমাৰ দাসে ৷ বিজেপিৰ সভাপতি ৰনজিৎ কুমাৰ দাসৰ এই নিৰ্দেশক্ৰমে দেওবাৰে ৰাজ্যজুৰি বিজেপিয়ে অনুষ্ঠিত কৰে 'আইদেউৰ বুলনি' শীৰ্ষক অনুষ্ঠানৰ ৷ বিশেষকৈ বিজেপিয়ে ২০২০ বৰ্ষটো 'বিৰামহীন কাৰ্যবৰ্ষ' হিচাপে ঘোষণা কৰি ৰাজ্যখনৰ মহিলা সকলক লৈ গ্ৰহন কৰা বিশেষ সাংগঠনিক তৎপৰতাৰ অংশস্বৰূপে 'আইদেউৰ বুলনি' অনুষ্ঠানৰ জৰিয়তে দিহানাম আৰু চাপৰি নাম প্ৰতিযেগিতা অনুষ্ঠিত কৰে ৷ বৰপেটা জিলা বিজেপিৰ মহিলা মৰ্চাৰ সহযোগত বৰপেটা নগৰ মণ্ডল মহিলা মৰ্চাই অনুষ্ঠিত কৰে এই দিহানাম আৰু চাপৰি নাম প্ৰতিযোগিতা ৷

বৰপেটাত অনুষ্ঠিত 'আইদেউৰ বুলনি' শীৰ্ষ অনুষ্ঠান

বৰপেটা জিলা বিজেপিৰ মুখ্য কাৰ্যালয় অটল ভৱনত অনুষ্ঠিত আইদেউৰ বুলনি অনুষ্ঠানৰ এই প্ৰতিযোগিতাত বৰপেটা চহৰৰ বহু সংখ্যক নামতিদলে অংশগ্ৰহন কৰে ৷ লগতে বহুসংখ্যক বিজেপি নেতা কৰ্মীয়েও অংশগ্ৰহন কৰে ৷ প্ৰতিযোগিতাত স্থানপ্ৰাপ্ত বিজয়ী নামতি দল সমূহক প্ৰথম পুৰস্কাৰ হিচাপে দহ হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে সাত হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে পাঁচ হাজাৰ টকা আগবঢ়োৱা হয় ৷ এই কাৰ্যসূচীৰ জৰিয়তে মহিলাসকলৰ প্ৰতিভা বিকাশৰ লগতে আমাৰ কৃষ্টি আৰু লোকসংস্কৃতি বিকাশৰ ক্ষেত্ৰতো সহায়ক হ'ব বুলি মন্তব্য কৰে বিজেপিৰ নেতা কৰ্মীয়ে ৷

আৰু পঢ়কঃ বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে সামৰণি পৰিল কলাগুৰু সংগীত মহোৎসৱ

ABOUT THE AUTHOR

...view details