অসম

assam

By

Published : Aug 9, 2020, 8:36 PM IST

ETV Bharat / state

বজালীৰ শ্বহীদ প্ৰনয় কলিতাৰ বাসগৃহত উপস্থিত কৃষিমন্ত্ৰী অতুল বৰা

বজালীৰ শ্বহীদ প্ৰনয় কলিতাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সদস্যক প্ৰয়োজন সাপেক্ষে কৃষি বিভাগতেই চাকৰি দিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰে কৃষিমন্ত্ৰী গৰাকীয়ে ৷

Agriculture Minister Atul bora visit sahid Pranay Kalita family At Pathsala
বজালীৰ ছহিদ প্ৰনয় কলিতাৰ বাসগৃহত উপস্থিত কৃষি মন্ত্ৰী অতুল বৰা

পাঠশালা,9 আগষ্টঃমণিপুৰৰ চাণ্ডেল জিলাত 29 জুলাইত এক সংঘৰ্ষত আছাম ৰাইফলছত কৰ্মৰত হাবিলদাৰ প্ৰণয় কলিতাসহ আছাম ৰাইফলছৰ তিনিজন জোৱান শ্বহীদ হয় । পাছত তেওঁৰ বৰপেটাৰ পাঠশালাস্থিত বাসগৃহত সম্পূৰ্ণ ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয় । ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্বহীদ পৰিয়ালটোক সমবেদনা জনোৱাৰ লগতে শ্বহীদ গৰাকীক মাল্যৰ্পণ কৰে ৷

ঠিক একেদৰে দেওবাৰে বজালীৰ শ্বহীদ প্ৰনয় কলিতাৰ বাসগৃহত উপস্থিত হয় কৃষিমন্ত্ৰী অতুল বৰা ৷ দুৰ্ভগীয়া পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷ উপস্থিত হৈ তেওঁ শ্বহীদৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ইফালে পৰিয়ালৰ সতে মত বিনিময় কৰি শোকসন্তপ্ত পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰে l ইয়াৰ পিছতে পৰিয়ালৰ বিভিন্ন অভাৱ অভিযোগৰ বুজ লয় অতুল বৰাই ৷

আনহাতে, মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে পৰিয়ালৰ কোনো লোকক যদি চাকৰি দিয়াৰ কথা চিন্তা কৰা হয় তেন্তে মন্ত্ৰীগৰাকীয়ে কৃষি বিভাগতেই নিযুক্তি দিব বুলি মন্তব্য কৰে কৃষিমন্ত্ৰী অতুল বৰাই ৷

বজালীৰ ছহিদ প্ৰনয় কলিতাৰ বাসগৃহত উপস্থিত কৃষি মন্ত্ৰী অতুল বৰা

লগতে পঢ়ক-ডিব্ৰুগড়ত শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ মৃত্যু তিথি পালন

ABOUT THE AUTHOR

...view details