অসম

assam

ETV Bharat / state

১৯৪৭ চনৰ পৰা ট্ৰেক্টৰ ব্যৱহাৰেৰে কৃষিত নিয়োজিত এটি পৰিয়াল - মৎস্য পালন

১৯৪৭ চনৰে পৰা ট্ৰেক্টৰ ব্যৱহাৰ কৰি খেতি কৰা এটা পৰিয়ালৰ সন্তান কৃষক যতীন্দ্ৰ নাৰায়ণ উজীৰ ৷ পৰিয়ালৰ পদাংক অনুসৰণ কৰি কৃষিকৰ্মৰ জৰিয়তে নিবনুৱা যুৱকৰ আদৰ্শ হৈ পৰিছে লোকজন ৷

agricultural-revolution-lead-by-a-man-in-bajali
১৯৪৭ চনৰে পৰা ট্ৰেক্টৰ ব্যবহাৰ কৰি খেতি কৰা এটা পৰিয়াল আজি দহৰ আদৰ্শ

By

Published : Jul 10, 2021, 1:48 PM IST

পাঠশালা, 10 জুলাই :বজালী জিলাৰ চাউলাবড়ীৰ এজন লোকে কৃষিকৰ্মৰে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে ৷ কৃষক যতীন্দ্ৰ নাৰায়ণ উজীৰৰ নেতৃত্বতে বজালীত প্ৰাণ পাই উঠিছে এক কৃষি বিপ্লৱ ৷ আন দহজন শিক্ষিত নিবনুৱা যুৱকৰ বাবেও লোকজন হৈ পৰিছে আদৰ্শ ৷ জিলাখনত এতিয়া আৰম্ভ হৈছে কৃষি বিপ্লৱ(agricultural revolution)।

উল্লেখ্য যে, যতীন্দ্ৰ নাৰায়ণ উজীৰৰ পৰিয়ালক তাহানিতে ব্ৰিটিছ চৰকাৰে(British gogovernment) দান কৰিছিল ৫০০ বিঘাকৈ মাটি । ইয়াৰে ২০০ বিঘা মাটিত আজিও বিভিন্ন ৰবি শস্যৰ খেতি কৰে কৃষকগৰাকীয়ে ৷ উজীৰৰ তত্বাৱধানত ১০/১২ জনকৈ নিবনুৱা যুৱকে গাহৰি, হাঁহ তথা মৎস পালনৰ লগতে ষ্ট্ৰ’বেৰী(strawberry) খেতি কৰি সংস্থাপিত হৈ আছে ।

১৯৪৭ চনৰে পৰা ট্ৰেক্টৰ ব্যবহাৰ কৰি খেতি কৰা এটা পৰিয়াল আজি দহৰ আদৰ্শ

যি সময়ত একাংশ নৱ প্ৰজন্মই চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰিছে, তেনে সময়ত বজালীত এইসকল লোকে কৃষিকৰ্মৰে স্ব-নিয়োজনৰ পথ মুকলি কৰিছে ।

উল্লেখ্য যে, ১৯৪৭ চনত উজীৰৰ পিতৃ তথা ককাকে পোন প্ৰথমবাৰৰ বাৱে ট্ৰেক্টৰ ব্যৱহাৰ কৰি কৃষি কৰ্মত জড়িত হৈ পৰিছিল ৷ পৰিয়ালৰ পদাংক অনুসৰণ কৰি আজিও কৃষিকৰ্মৰ লগত জড়িত হৈ আছে ব্যক্তিগৰাকী । কেৱল কৃষিকৰ্মৰ লগত জড়িত হৈ থাকি এটা স্বচ্ছল জীৱন কটোৱাৰ লগতে আন বহু যুৱকৰ বাবে কৃষিকৰ্মৰ জৰিয়তে সংস্থাপনৰ পথ মুকলি কৰি দি নৱ প্ৰজন্মৰ বাবে এক আশাৰ ৰেঙণি কঢ়িয়াইছে যতীন্দ্ৰ নাৰায়ণ উজীৰে ।

লগতে পঢ়ক :আছুৰ ক’লা দিনত সাংগঠনিক শ্বহীদক শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details