অসম

assam

ETV Bharat / state

পঞ্চায়ত নিৰ্বাচনৰ তিক্ত অভিজ্ঞতা : আকৌ বিজেপিৰ বোকোচাত অগপ - barpeta

পৌৰসভা-পৌৰ নিগম, নিকায়ৰ নিৰ্বাচনত বিজেপিৰ সৈতে একেলগে নিৰ্বাচনত নামিব অগপ ৷ বৰপেটাত অনুষ্ঠিত অগপৰ মাণ্ডলিক সভাত ঘোষণা সভাপতি অতুল বৰাৰ ৷

পঞ্চায়ত নিৰ্বাচনৰ তিক্ত অভিজ্ঞতা

By

Published : Jul 6, 2019, 3:24 PM IST

বৰপেটা, ৬ জুলাইঃ অচিৰেই ৰাজ্যত অনুষ্ঠিত হ'ব পৌৰ নিকায়,নিগমসমূহৰ নিৰ্বাচন ৷ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে অগপই ৷ ৰাজ্যৰ পৌৰ নিকায় নিগমৰ নিৰ্বাচনক লক্ষ্য কৰি অগপৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত শুক্ৰবাৰে বৰপেটাত অনুষ্ঠিত হয় অগপৰ এখন মাণ্ডলিক সভা ৷ অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, পবিন্দ্ৰ ডেকা, ভূপেন ৰয় আদি কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত দলীয় সাংগঠনিক দিশ আৰু নীতি নিৰ্ধাৰণ সম্পৰ্কত আলোচনা অনুষ্ঠিত হয় সভাখনত ৷ ৰঙিয়া, মঙলদৈ, নলবাৰী, বজালী, বৰপেটা, গোৱালপাৰা, ধুবুৰী, অভয়াপুৰী, কোকৰাঝাৰ, বিজনী, শালমীৰা, বাক্সা আদি জিলা সমিতিসমূহৰ পৰা অহা অগপ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত সভাখনত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে দলটোৱে ৷

পঞ্চায়ত নিৰ্বাচনৰ তিক্ত অভিজ্ঞতা

ইপিনে পাৰ হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ তিক্ত অভিজ্ঞতাক সুঁৱৰি অগপই অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত পৰিহাৰ কৰি বিজেপিৰ বোকোচাত উঠিহে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ যো-জা চলাইছে ৷ অগপৰ সভাপতি অতুল বৰাই বৰপেটাত দলীয় সিদ্ধান্তৰ কথা সদৰি কৰি ক'লে- পৌৰ নিকায় নিগমৰ নিৰ্বাচনত বিজেপিৰ সৈতে একেলগে নিৰ্বাচনত অবতীৰ্ণ হ’ব দলটো ৷ অৱশ্যে বিজেপিৰ সৈতে মিত্ৰতাৰে পৌৰ নিকায় নিগমৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ বৈতৰণী পাৰ হ'ব খোজা অগপক পিছে বিজেপিয়ে সংগী হিচাপে বিচাৰে নে নাই সেই সিদ্ধান্তৰ ওপৰতে নিৰ্ভৰ কৰিব অগপৰ ভৱিষ্যত ৷

ABOUT THE AUTHOR

...view details