বৰপেটা,27 মাৰ্চ: বৰপেটা জিলাৰ চেঙাৰ মুছলমানপাৰা গাঁও পঞ্চায়তৰ চেঙা বেচিক বজাৰত শুকুৰবাৰে নিশা মুকলি কৰা হয় অগপৰ মুখ্য কাৰ্যালয় ৷ কাৰ্যালয় মুকলি সভাত অগপৰ প্ৰাৰ্থী ৰবিউল হুছেইনে এক বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হয় ৷
সভাত এআইইউডিএফ-ৰ প্ৰাৰ্থী আশ্ৰাফুল হুছেইনক ভণ্ড সাহিত্যিক আখ্যা দিয়ে ৰবিউল হুছেইনে ৷ লগতে তেওঁ কয় যে, অগপই চেঙা মুছলমানপাৰা গাঁও পঞ্চায়তত 90 শতাংশ ভোট লাভ কৰাৰ দাবী কৰিছে ৰবিউল হুছেইনে । অগপৰ সৈতে আন কোনো দলৰ প্ৰতিদ্বন্দ্বিতা নহয় যদিও বৃহৎ ব্যৱধানত কংগ্ৰেছ দ্বিতীয় আৰু এআইইউডিএফ তৃতীয় স্থানত থাকিব বুলি মন্তব্য কৰে অগপ প্ৰাৰ্থী গৰাকীয়ে ৷