অসম

assam

By

Published : Mar 18, 2021, 8:01 PM IST

ETV Bharat / state

শুকুৰ আলীক ক্ষুৰধাৰ সমালোচনা মিত্ৰদলৰ প্ৰাৰ্থী ৰবিউল হুছেইনৰ

বিধানসভা নিৰ্বাচনৰ বাবে মাজত মাথো কেইটামান দিন হে বাকী । নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে শাসক-বিৰোধী সকলো । বুধবাৰে চেঙা সমষ্টিৰ মিত্ৰদলৰ অগপৰ প্ৰাৰ্থী ৰবিউল হুছেইনে মনোনয়ন পত্ৰ দাখিল কৰাৰ পাচতেই নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে অগপৰ । বুধবাৰে নিশা চেঙাত এখন দলীয় সভা অনুষ্ঠিত কৰি বিধায়ক শুকুৰ আলীক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰাৰ্থীগৰাকীয়ে ।

চেঙাত শুকুৰ আলীক ক্ষুৰধাৰ সমালোচনা মিত্ৰদলৰ প্ৰাৰ্থী ৰবিউল হুছেইনৰ
চেঙাত শুকুৰ আলীক ক্ষুৰধাৰ সমালোচনা মিত্ৰদলৰ প্ৰাৰ্থী ৰবিউল হুছেইনৰ

বৰপেটা,১৮ মাৰ্চ: সমাগত বিধানসভা নিৰ্বাচনক লৈ ক্ৰমান্বয়ে আকৰ্ষণীয় হৈছে নিৰ্বাচনী প্ৰচাৰ সভাসমূহ ৷ আৰম্ভ হৈছে বোকা ছটিওৱাৰ ৰাজনীতি ৷ তাৰ মাজতে প্ৰতিটো ৰাজনৈতিক দলে চেঙা সমষ্টিতো নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে । তাৰ সমান্তৰালকৈ প্ৰাৰ্থীসকলেও ইতিমধ্যে নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছে । চেঙা সমষ্টিৰ মিত্ৰদলৰ অগপৰ প্ৰাৰ্থী ৰবিউল হুছেইনে বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰে । মনোনয়ন পত্ৰ দাখিলৰ পাচতেই সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে অগপৰ । নিশা চেঙাত এখন দলীয় সভা অনুষ্ঠিত কৰে ৰবিউল হুছেইনে ।

চেঙাত শুকুৰ আলীক ক্ষুৰধাৰ সমালোচনা মিত্ৰদলৰ প্ৰাৰ্থী ৰবিউল হুছেইনৰ

সভাখনত হুছেইনে বিধায়ক শুকুৰ আলীক ক্ষুৰধাৰ সমালোচনা কৰে । অকৰ্মণ্য, নিষ্কৰ্মা শুকুৰ আলীৰ দৰে বিধায়কক চিৰদিনৰ বাবে ৰাজনীতিৰ পৰা বিদায় দি ইতিহাসৰ সৃষ্টি কৰিব লাগিব বুলি যুৱকসকলক আহ্বান জনায় অগপ দলৰ প্ৰাৰ্থী ৰবিউল হুছেইনে । খহনীয়াৰ সমস্যা সমাধানৰ লগতে স্বাস্থ্য সেৱা, শিক্ষা, শিক্ষিত যুৱক-যুৱতীৰ সংস্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি কোৱাৰ লগতে কৃষকসকল উপকৃত হ'ব পৰাকৈ চেঙা সমষ্টিত শীতলীকৰণ গৃহৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ৰবিউল হুছেইনে ।

লগতে পঢ়ক: টীয়কত কংগ্ৰেছৰ মাৰথান প্ৰচাৰ অভিযান

ABOUT THE AUTHOR

...view details