অসম

assam

ETV Bharat / state

Municipal Election 2022: ভাগত কমকৈ পৰাৰ বাবেই ‘একলা চলো’ নীতি অগপৰ - agp breaks alliance with bjp in barpeta for municipal election

বিচৰা মতে আসন নিদিলে বিজেপিয়ে অগপক ৷ ফলত মিত্ৰদলৰ প্ৰতি ক্ষুন্ন হৈ অগপই অকলেই পৌৰসভা নিৰ্বাচন(Municipal Election 2022)ত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে ৷ বিজেপিয়েও নিজাকৈ ঘোষণা কৰিলে প্ৰাৰ্থীৰ তালিকা ৷

Municipal Election 2022
ভাগত কমকৈ পৰাৰ বাবেই ‘একলা চলো’ নীতি অগপৰ

By

Published : Feb 14, 2022, 7:46 PM IST

বৰপেটা, ১৪ ফেব্ৰুৱাৰী: বৰপেটাত পৌৰ সভা নিৰ্বাচনৰ পূৰ্বে মিত্ৰতাত ফাট ৷ অৱশেষত 'একলা চলো' নীতিৰে পৌৰ নিৰ্বাচনত নমাৰ সিদ্ধান্ত অগপৰ (AGP breaks alliance with BJP) ৷ বৰপেটাৰ প্ৰাক্তন বিধায়ক তথা অগপ নেতা গুনীন্দ্ৰ নাথ দাসে প্ৰকাশ কৰিলে দলৰ এই সিদ্ধান্তৰ কথা ৷

বৰপেটাত অগপ আৰু বিজেপিয়ে মিত্ৰতাৰে পৌৰ নিৰ্বাচন(Municipal Election 2022)ত প্ৰতিদ্বন্দিতা কৰিব বুলি দুয়োটা দলৰ নেতৃত্বই ইতিপূৰ্বে ঘোষণা কৰিছিল ৷ পিছে আসনক লৈ বিজেপিৰ আঁকোৰগোজ স্থিতিৰ বাবেই অৱশেষত 'একলা চলো' নীতিৰে পৌৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ অগপৰ ৷

ভাগত কমকৈ পৰাৰ বাবেই ‘একলা চলো’ নীতি অগপৰ

দীৰ্ঘদিন অগপৰ দখলত থকা বৰপেটা পৌৰ সভাত মুঠ ২২ আসনৰ ভিতৰত অগপই দাবী কৰিছিল ১২ খন আসন ৷ তাৰ বিপৰীতে বিজেপিক এৰি দিছিল ১০ আসন ৷ কিন্তু বিজেপিয়ে অগপক মাথো ৪ খন আসনহে এৰি দিব বিচৰাক লৈ ক্ষুন্ন অগপই ইতিমধ্যে অকলেই নিৰ্বাচনত অবতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ বৰপেটাৰ ২২ টা সমষ্টিতে দলীয় প্ৰাৰ্থী আগবঢ়াব অসম গণ পৰিষদে ৷ ইতিমধ্যে অগপই ১৪ আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ লগতে সোমবাৰে ৮ খন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ কথা ৷

আনহাতে, বৰপেটা পৌৰসভাৰ লগতে জিলাখনৰ বৰপেটা ৰোড, হাউলী, সৰভোগ আৰু সৰ্থেবাৰী পৌৰসভাতো বিজেপিৰ সৈতে অগপৰ মিত্ৰতা নাথাকিব বুলি সদৰি কৰিছে অগপৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷

লগতে পঢ়ক:তেজপুৰত অগপক 3 খন আসন এৰি দিলে বিজেপিয়ে

ABOUT THE AUTHOR

...view details