অসম

assam

ETV Bharat / state

বৰপেটা পৌৰসভা দখলৰ যুঁজ: আক্ৰমণ-প্ৰত্যাক্ৰমণত অগপ বিজেপি

"অগপই অপদাৰ্থ মানুহক দায়িত্ব দি পৌৰসভাখনত অৰাজক আৰু পঁয়ালগা অৱস্থাৰ সৃষ্টি কৰিছিল । তাৰপৰা পৌৰসভাক মুক্ত কৰিব লাগিব ৷" পৌৰসভা নিৰ্বাচনকলৈ নেতা-পালিনেতাৰ মুখচুপতি । BJP AGP ৰ বাকযুদ্ধ বৰপেটাত (AGP BJP battle in Barpeta) ।

বৰপেটা পৌৰসভা দখলৰ যুঁজ: আক্ৰমণ-প্ৰত্যাক্ৰমণত অগপ বিজেপি
বৰপেটা পৌৰসভা দখলৰ যুঁজ: আক্ৰমণ-প্ৰত্যাক্ৰমণত অগপ বিজেপি

By

Published : Feb 24, 2022, 10:21 PM IST

বৰপেটা, ২৪ফেব্ৰুৱাৰী: বৰপেটা পৌৰসভা দখলৰ যুঁজ৷ আক্ৰমণ-প্ৰত্যাক্ৰমণ দুই জিলা সভাপতিৰ ৷ বিজেপি সভাপতিয়ে কলে "অগপই অপদাৰ্থ মানুহক দায়িত্ব দি পৌৰসভাখনত অৰাজক আৰু পয়ালগা অৱস্থাৰ সৃষ্টি কৰিছিল । তাৰ পৰা পৌৰসভাক মুক্ত কৰিব লাগিব৷" উভতি ধৰিলে অগপ জিলা সভাপতিয়েও "স্কুল পৰিচালনা সমিতি গঠনতো ধনৰ লেনদেন কৰিছে বিজেপিয়ে ৷ বৰপেটাত কাৰো দাদাগিৰি নচলে ৷"

পৌৰসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বাঢ়িছে নেতা পালিনেতাৰ কথাৰ কটাকটি (AGP BJP battle in Barpeta) । বিৰোধী কংগ্ৰেছৰে বাকযুদ্ধ অব্যাহত থকাৰ সময়তে এইবাৰ বৰপেটাত আকৰ্ষণীয় হৈ পৰিছে বিজেপিৰ বৰপেটা জিলা সভাপতি অনিল কুমাৰ দাস আৰু অগপৰ বৰপেটা জিলা সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ মাজত চলা বাকযুদ্ধ ।

বিশেষকৈ বিজেপিৰ বৰপেটা জিলা সভাপতি অনিল কুমাৰ দাস আৰু অগপৰ বৰপেটা জিলা সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ মাজত চলা বাকযুদ্ধ আকৰ্ষণীয় হৈ পৰিছে ৷ অনিল দাস বিধায়ক হ’লে বৰপেটাত প্ৰতিদ্বন্দিতা কৰিবলৈ বিৰোধীয়েই নাথাকিলহেতেন বুলি মন্তব্য বিজেপিৰ বৰপেটা জিলা সভাপতিগৰাকীৰ ৷

অগপই এইবাৰ পৌৰ নিৰ্বাচনত নিজৰ কৰ্মফল ভূগিব বুলিও মন্তব্য অনিল দাসৰ । ৯ মাৰ্চত বৰপেটা অগপৰ নে বিজেপিৰ দূৰ্গ সেয়া প্ৰমাণ হ'ব বুলি মন্তব্য কৰি দাসে লগতে কয়, পৃষ্ঠাপ্ৰমুখৰ পৰা বুথলৈকে বিজেপি মজবুত আৰু বৰপেটাত পদুম ফুলাবই ।

বিজেপিৰ সভাপতিগৰাকীক উভতি ধৰি ভদ্ৰভাবেই সমুচিত প্ৰত্যুত্তৰ প্ৰদান অগপৰ বৰপেটা জিলা সভাপতি তথা বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ । বৰপেটাত শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰা অগপই ২২টা ৱাৰ্ডৰ ১৪ টাৰো অধিক ৱাৰ্ড দখল কৰি পৌৰসভা দখলৰ দাবী কৰে গুনীন্দ্ৰ নাথ দাসে ।

পূৰ্বে অগপৰ দখলত থকা বৰপেটা পৌৰসভাখনক অপদাৰ্থ বুলি কৰা সমালোচনাক নস্যাৎ কৰি পৌৰসভাৰ ৯০ শতাংশ পথ পকীকৰণ কৰা বুলি দাবী কৰে অগপৰ সভাপতি গুনীন দাসে ৷ অনিল দাস বিধায়ক হোৱা হলে বৰপেটাত বিৰোধী নাথাকিলহেঁতেন বুলি কৰা সমালোচনাৰো যোগ্য প্ৰত্যুত্তৰ দি গুনীন্দ্ৰ নাথ দাসে কয়, কোনোবা বিধায়কে ক্ষমতাৰ অপপ্ৰয়োগ কৰি দাবী ধমকিৰে বিৰোধী প্ৰাৰ্থীৰ মনোনয়ন উঠাই লব পাৰে ৷ কিন্তু বৰপেটাৰ মানুহ নিৰ্ভীক আৰু স্বাধীনচিতিয়া ৷ অবশ্যে ৰণজিৎ কুমাৰ দাসে সাাংগঠনিকভাৱে দলটোক শক্তিশালী কৰি তোলা বুলি স্বীকাৰ কৰি বৰপেটাত বিজেপি কৰ্মীয়েও অগপক ভোট দিব বুলি দাবী কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে ।

লগতে পঢ়কঃকংগ্ৰেছ এতিয়া ফুটবলৰ কীপাৰবিহীন গ'লপোষ্ট !

ABOUT THE AUTHOR

...view details