বৰপেটা, ১২ জুন :অসমৰ পৰা চোৰাংভাৱে বাংলাদেশলৈ গৰু সৰবৰাহ কৰা গৰু চিণ্ডিকেট চক্ৰটোৰ মূল অভিযুক্ত হিচাপে যোৱা ২৮ মে'ত বৰপেটাৰ হাউলীত চহৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল খাইৰুল ইছলামক ৷ আদালতে খাইৰুল ইছলামক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণৰ পিচত পুনৰ বৰপেটা আৰক্ষীৰ আবেদনৰ ভিত্তিত গৰু মাফিয়াটোক তিনিদিনৰ আৰক্ষী জিম্মাত প্ৰদান কৰে ৷
উল্লেখ্য যে, যোৱা ২৩ মে'ত বৰপেটা জিলা কাৰাগাৰৰ সমীপৰ পথৰ পৰা বৰপেটা আৰক্ষীয়ে ৫টা চোৰাং গৰুসহ দুজন গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল ৷ চোৰাং গৰু সৰবৰাহকাৰী দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত উক্ত ঘটনাৰ সৈতে গৰু চিণ্ডিকেট চক্ৰৰ মাফিয়া খাইৰুল ইছলাম জৰিত থকাৰ সন্দেহত বৰপেটা আৰক্ষীয়ে সোধপোছৰ বাবে তিনিদিনৰ আৰক্ষী জিম্মাত লৈছে গৰু মাফিয়াটোক ৷