বৰপেটা , ০৩ জুলাই :বুধবাৰে বৰপেটা চহৰত অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে বৰপেটাৰ আৰক্ষী অধীক্ষক ড0 ৰবীন কুমাৰৰ নেতৃত্বত চহৰখনত আৰক্ষীয়ে এক অভিযান চলায় । বৰপেটা চহৰত ক্ৰমাৎ বৃদ্ধি পোৱা যান-জঁটৰ পৰা চহৰখনৰ বাসিন্দাসকলক সকাহ দিয়াৰ লক্ষ্যৰে এই অভিযানত অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতি, ডিএছপি সমীৰণ বৈশ্যৰ লগতে আৰক্ষী আৰু চিআৰপিএফ বাহিনীৰ জোৱান সকলে অংশ লৈছে ।
বৰপেটাত আৰক্ষীৰ অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে অভিযান
এই অভিযানত অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ কাকতি, ডিএছপি সমীৰন বৈশ্যৰ লগতে আৰক্ষী আৰু চিআৰপিএফ বাহিনীৰ জোৱান সকলে অংশ লৈছে ।
একাংশ লোকে চহৰখনৰ মাজমজিয়াৰ প্ৰতিটো পথৰ ওপৰত যধে মধে গাড়ী মটৰ পাৰ্কিং কৰি চহৰখনতল এক বিশৃংখল পৰিবেশৰ সৃষ্টি কৰি আহিছে । সেয়ে আৰক্ষীয়ে আজি বৰপেটা চহৰত অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে এক অভিযান চলায় । আনহাতে উদণ্ড বাইক চালকৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলায় কঠোৰ ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰে । ইয়াৰোপৰিও হেলমেট নিপিন্ধাকৈ মটৰ চাইকেল চলোৱা চালকৰ পৰা আৰক্ষীয়ে আদায় কৰিছে জৰিমনা ৷ মূল পথৰ ওপৰতে যান বাহন ৰাখি পথচাৰীক হাৰাশাস্তি কৰা লোক সকল আৰু অবৈধ পাৰ্কিঙৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আৰক্ষীয়ে সকীয়নি প্ৰদান কৰে । লগতে যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰো ইংগিত দিছে আৰক্ষীয়ে । আনকি আইন নমনা গাড়ী চালকৰ লাইচেঞ্চ নাকচ কৰাৰ বাবেও মটৰ পৰিবহন বিভাগক আবেদন জনাব বুলি জনাই আৰক্ষীয়ে ।