অসম

assam

ETV Bharat / state

এগৰাকী কৰ‘ণা ৰোগীক লৈ চাঞ্চল্য - তুলসী বাচফোৰ

বৰপেটাত কোভিড-19 পজিটিভ ৰোগীক ই-ৰিক্সাৰে নিলে চিকিৎসালয়লৈ ৷ স্বাস্থ্য বিভাগক খবৰ দিয়ে যদিও স্বাস্থ্য বিভাগে এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৷

administration and health department not serious about covid-19 patents
এগৰাকী কৰ‘ণা ৰোগীক লৈ চাঞ্চল্য

By

Published : Jun 30, 2020, 10:03 PM IST

বৰপেটা,৩০জুনঃ এগৰাকী কোভিড-19 পজিটিভত আক্ৰান্ত মহিলাক লৈ বৰপেটা চহৰত আতংক ৷ দুঘন্টা ৰাজপথত ৰৈ থাকিল এগৰাকী কোভিড-19 পজিটিভ মহিলা ৷ স্বাস্থ্য বিভাগে মহিলাগৰাকীক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ পিচত এখন ই-ৰিক্সাৰে নি মহিলাগৰাকীক বৰপেটা মেডিকেল কলেজ চিকিৎসালয়ত ভৰ্তি কৰে স্থানীয় লোকে ৷ এই ঘটনাই বৰপেটাত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷

এগৰাকী কৰ‘ণা ৰোগীক লৈ চাঞ্চল্য

জানিব পৰামতে, তুলসী বাচফোৰ নামৰ বৰপেটা মেডিকেল কলেজ চিকিৎসালয়ৰ এগৰাকী চাফাই কৰ্মীৰ দেহত মঙলবাৰে কোভিড-19 ধৰা পৰে ৷ বৰপেটা চহৰত বজাৰ কৰি থকাৰ সময়তে মহিলাগৰাকী কোভিড-19 পজিটিভ বুলি ধৰা পৰাৰ খবৰ লাভ কৰি মহিলাগৰাকীক লৈ চহৰখনত সৃষ্টি হয় উদ্বেগজনক পৰিস্থিতিৰ ৷ এখন ই-ৰিক্সাৰে বৰপেটাৰ বজাৰৰ পৰা ঘৰলৈ গৈ থকা মহিলাগৰাকীক স্থানীয় লোকে ৰাজপথতে ৰখাই স্বাস্থ্য বিভাগক খবৰ দিয়ে যদিও স্বাস্থ্য বিভাগে এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাত ই-ৰিক্সা চালকজনেই মহিলাগৰাকীক নি চিকিৎসালয়ত ভৰ্তি কৰায় ৷ ইপিনে বৰপেটা মেডিকেল কলেজ চিকিৎসালয়ত উপস্থিত হোৱা মহিলাগৰাকীক এঘন্টা ধৰি কোনো গুৰুত্ব প্ৰদান নকৰা বুলি ই-ৰিক্সা চালকজনে প্ৰকাশ কৰে ৷ এগৰাকী কোভিড-19 পজিটিভ ৰোগীৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে দেখুওৱা গা এৰা দিয়া মনোভাৱক লৈ চহৰবাসীয়ে আশ্বৰ্য প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ নুমলীগড়ত চাহ শ্ৰমিকৰ সাব্য়স্ত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details