বৰপেটা ২৬ ফেব্ৰুৱাৰী: ২০ ফেব্ৰুৱাৰীৰ পৰা বৰপেটাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্ত্তন অনুষ্ঠিত হৈ আহিছে । বিশ্বশান্তিৰ বাবে আয়োজন কৰা এই অখণ্ড একনাম কীৰ্ত্তনত হাজাৰ হাজাৰ ভক্তই একনাম কীৰ্ত্তনৰ জৰিয়তে ভক্তি ৰসত বিলীন হৈছে । তাৰ লগত সংগতি ৰাখি শুকুৰবাৰে প্ৰায় পাঁচ কিলোমিটাৰ জোৰা এক সমদল উলিওৱা হয় । কৃষ্ণগুৰু সেৱাশ্ৰমৰ পৰা উলিওৱা হৈছে এই সমদল । প্ৰায় পঞ্চাশ হাজাৰ ভকতৰ পদযাত্ৰাৰে এই সমদল । আধ্যাত্মিক চিন্তাৰ কেন্দ্ৰস্থল নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ পৰা সৰ্থেবাৰীলৈ উলিওৱা এই আধ্যাত্মিক সমদলে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।
বৰপেটাৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত পঞ্চাশ হাজাৰ ভকতৰ পদযাত্ৰা
বৰপেটাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমত কৃষ্ণগুৰু একনাম অখণ্ড কীৰ্ত্তনৰ লগত সংগতি ৰাখি শুকুৰবাৰে প্ৰায় পাঁচ কিলোমিটাৰ জোৰা এক সমদল উলিওৱা হয় । কৃষ্ণগুৰু সেৱাশ্ৰমৰ পৰা প্ৰায় পঞ্চাশ হাজাৰ ভকতৰ পদযাত্ৰাৰে এই সমদল ।
আধ্যাত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ নেতৃত্বত উলিওৱা হৈছে এই সমদল । এই আকৰ্ষণীয় সমদলৰ জৰিয়তে ধৰ্মীয় সহিষ্ণুতাৰ বাণী বিলোৱাৰ লগতে আধ্যাত্মিক চেতনা জাগ্ৰত কৰিবলৈ প্ৰয়াস কৰা হৈছে । আধ্যাত্মিকতাৰ বাণীৰে মানুহৰ অন্তৰ শুদ্ধ কৰি নৈতিকতাৰ ভেটি স্থাপন কৰিবলৈ সততে প্ৰয়াস কৰি অহা আধ্যাত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ নেতৃত্বত উলিওৱা এই পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰ সমদলৰ পিছতে ভকত বৃন্দই নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমৰ কীৰ্ত্তন ঘৰত একনাম কীৰ্ত্তন কৰি কৃষ্ণগুৰু একনাম কীৰ্ত্তনেৰে আকাশ বতাহ মুখৰিত কৰে ।