বৰপেটাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা - বৰপেটাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰ্ঘটনা
বৰপেটাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ৷ মালবাহী বলেৰ' পিকআপ ভান, ই-ৰিস্কা আৰু ট্ৰাক মাজত সংঘটিত সংঘৰ্ষ ৷ আহতসকলক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ ৷ দুৰ্ঘটনাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত বহুসময় ধৰি যানজঁটৰ সৃষ্টি ৷
বৰপেটা, 9 চেপ্তেম্বৰ: বৰপেটাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা ৷ মালবাহী বলেৰ' পিকআপ ভান, ই-ৰিস্কা আৰু ট্ৰাকৰ মাজৰ সংঘৰ্ষৰ ফলত সংঘটিত এই দুৰ্ঘটনা ৷ বৰপেটা ৰোডৰ পৰা তামুলপুৰ অভিমুখী AS 28C 7959 নম্বৰৰ এখন বলেৰ' পিকআপ বাহনে প্ৰথমে ই-ৰিক্সাত খুন্দিয়াই আৰু ইয়াৰ পাচতে নিয়ন্ত্ৰণ হেৰুৱাই পুনৰ ডিভাইডাৰ পাৰ হৈ ভূটানৰ পৰা আহি থকা BP 2 A 8378 নম্বৰৰ ট্ৰাকখনত খুন্দা মাৰেগৈ ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়, ই-ৰিক্সাখনৰ চালক ৰবেন নাথ লগতে, ৰফিজা বেগম আৰু হাছিনা খাতুন নামৰ ই-ৰিক্সাৰ দুগৰাকী যাত্ৰী ৷ সৰভোগ বায়নপাৰাৰ ৰবেন নাথ আৰু আশাকৰ্মী ৰফিজা বেগম আৰু হাছিনা খাতুনক হাউলী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷