অসম

assam

ETV Bharat / state

জনীয়াৰ ছাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা - AS-01EJ8274 নম্বৰৰ ছুইফ্ট ডিজায়াৰ গাড়ী

বৰপেটা জিলাৰ জনীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ গুৰুতৰভাৱে আহত পশু চিকিৎসক জাকিৰ হুছেইন ৷ হুছেইনক বৰপেটাৰ ফকৰুদ্দিন আলী অহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ ৷

জনীয়াৰ ছাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷
জনীয়াৰ ছাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷

By

Published : Mar 7, 2021, 6:52 PM IST

জনীয়া, বৰপেটা, 7 মাৰ্চঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ছাপৰাত ৰবিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ AS-01-EJ-8274 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ গাড়ীৰে পশু চিকিৎসক জাকিৰ হুছেইনে জনীয়াৰ পৰা গুৱাহাটী অভিমূখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই জনীয়ামুখী চিলিণ্ডাৰ কঢ়িয়াই অনা AS 01 HC 2311 বলেৰ’ পিকআপ বাহন এখনৰ সৈতে মূখামূখি সংঘৰ্ষ হয় ৷ এই দূৰ্ঘটনাটোত পশু চিকিৎসক জাকিৰ হুছেইনৰ বাহনখন পথৰ কাষৰ এটা পুখুৰীত বাগৰি পৰে ৷

স্থানীয় ৰাইজৰ তৎপৰতাত মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জাকিৰ হুছেইনক ততাতৈয়াকৈ বৰপেটা ফকৰুদ্দিন আলী অহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি জাকিৰ হুছেইনৰ অৱস্থা অতিকে সংকটজনক বুলি জানিব পৰা গৈছে ৷ বৰপেটা সদৰ থানাৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়কঃমহাজোঁটবন্ধন কৰি বৰাকত সংকটত পৰিছে কংগ্ৰেছ

ABOUT THE AUTHOR

...view details