বৰপেটা, ১০ মে' : শনিবাৰে বৰপেটা-হাউলী পথৰ অন্তৰ্গত মৈৰামাৰাৰ আমতলত সংঘটিত হয় ভয়াৱহ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন মটৰ চাইকেল আৰোহী ৷ মৃত লোকজন যোগীৰপাম কাজীৰ মিল গাঁৱৰ আজমত আলী বুলি জানিব পৰা গৈছে ৷
হাউলীত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু মটৰ চাইকেল আৰোহীৰ ! - বৰপেটা হাউলীত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু মটৰ চাইকেল আৰোহীৰ
লক্ ডাউনৰ মাজতে বৰপেটা-হাউলী পথৰ অন্তৰ্গত মৈৰামাৰাৰ আমতলত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ AS-15 N-0376 নম্বৰৰ মটৰ চাইকেলেৰে হাউলী বজাৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত বৰপেটাঅভিমুখী এখন তীব্ৰ বেগী ট্ৰাকে পিচফালৰ পৰা খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু হয় এজন লোকৰ ৷
![হাউলীত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু মটৰ চাইকেল আৰোহীৰ ! Accident in Barpeta Hauli during lock down](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7137534-thumbnail-3x2-p.jpg)
বৰপেটা হাউলীত তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু মটৰ চাইকেল আৰোহীৰ
AS-15 N-0376 নম্বৰৰ মটৰ চাইকেলেৰে হাউলী বজাৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত বৰপেটা অভিমুখী এখন তীব্ৰ বেগী ট্ৰাকে পিচফালৰ পৰা খুন্দা মৰাৰ ফলত থিতাতে মৃত্যু হয় লোকজনৰ ৷ পেছাত মাছ ব্যৱসায়ী লোকজনে হাউলী বজাৰত মাছ বিক্ৰী কৰি ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে ৷ আনহাতে, ঘটনা সংঘটিত কৰিয়েই উক্ত স্থানৰ পৰা পলায়ন কৰা ১২ চকীয়া ট্ৰাকখনৰ চালকক বৰপেটাত আৰক্ষীয়ে আটক কৰে ৷
TAGGED:
accident barpeta one dead