অসম

assam

ETV Bharat / state

অসম ক্ৰিকেট সন্থাৰ অধীনত বৰপেটাত স্থাপন কৰা হ’ব ক্ৰিকেট একাডেমী - ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন

দেওবাৰে বৰপেটাত এখন ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰা হয় (Foundation stone of cricket stadium in Barpeta) ৷ এই ষ্টেডিয়ামখন বনাবলৈ চৰকাৰে 25 বিঘা মাটি আগবঢ়োৱা বুলি জানিব পৰা গৈছে ৷

aca-secretary-devajit-saikia-lays-foundation-stone-of-cricket-stadium-in-barpeta
অসম ক্ৰিকেট সন্থাৰ অধীনত বৰপেটাত স্থাপন কৰা হ’ব ক্ৰিকেট একাডেমী

By

Published : Mar 27, 2022, 4:37 PM IST

বৰপেটা, 27 মাৰ্চ : বৰপেটাত স্থাপন হ’ব ক্ৰিকেট একাডেমী ৷ অসম ক্ৰিকেট সন্থাৰ অধীনত নামনি অসম ভিত্তিত বৰপেটাত স্থাপন কৰা হ’ব ক্ৰিকেট একাডেমী ৷ দেওবাৰে বৰপেটাৰ বাৰাদিত ৰাজ্য চৰকাৰে আগবঢ়োৱা 25 বিঘা মাটিত নিৰ্মাণ কৰিবলৈ লোৱা ক্ৰিকেট ষ্টেডিয়ামখনৰ আধাৰশিলা স্থাপন কৰা হয় (Foundation stone of cricket stadium in Barpeta) ৷

অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়াই (Assam Cricket Association secretary Devajit Saikia) এই ক্ৰিকেট ষ্টেডিয়ামখনৰ আধাৰশিলা স্থাপন কৰি বৰপেটা জিলাই ৰাজ্যখনৰ ভিতৰতে ক্ৰিকেটৰ ক্ষেত্ৰত বিশেষ সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰে ৷ উল্লেখ্য যে, অসম ক্ৰিকেট সন্থাৰ অধীনত বৰপেটাৰ কেবাজনো ক্ৰিকেটাৰে বিভিন্ন দলত খেলি আহিছে ৷

অসম ক্ৰিকেট সন্থাৰ অধীনত বৰপেটাত স্থাপন কৰা হ’ব ক্ৰিকেট একাডেমী

আনকি চলিত ৰঞ্জী ট্ৰফীৰ অসম দলত বৰপেটাৰ পৰাই 4 জনকৈ ক্ৰিকেট খেলুৱৈয়ে মূল দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ৷ বৰপেটাক ক্ৰিকেটৰ এক ক্ষেত্ৰ হিচাপে গঢ় দিয়াৰ বাবে বৰপেটাৰ বাৰাদিত স্থাপন কৰিবলৈ লোৱা ক্ৰিকেট ষ্টেডিয়ামখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ অহা ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাৰ আশা প্ৰকাশ কৰিছে দেৱজিৎ শইকীয়াই ৷

ইপিনে, ৰাজ্যখনত ক্ৰিকেটৰ এক পৰিবেশ গঢ় দিয়াৰ উদ্দেশ্যে আৰু প্ৰতিভাৱান ক্ৰিকেট খেলুৱৈসকলক উলিয়াই অনাৰ বাবে অসম ক্ৰিকেট সন্থাই ৰাজ্যখনৰ প্ৰতিখন জিলাতে একোখনকৈ ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণৰ পৰিকল্পনাৰ কথাও সদৰি কৰে অসম ক্ৰিকেট সন্থাৰ সম্পাদকগৰাকীয়ে ৷

লগতে পঢ়ক :দুবছৰৰ পিছত পুনৰ মুকলি উত্তৰ-পূৱ কয়লাক্ষেত্ৰ

ABOUT THE AUTHOR

...view details