পাঠশালা,13 মে’: ৰক্তদান জীৱনদান-এই উদ্দেশ্য আগত ৰাখি বৃহস্পতিবাৰে বজালীৰ পাঠশালাস্থিত ঐতিহ্যমণ্ডিত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বজালী শাখাৰ উদ্যোগত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হয় । বিদ্যাৰ্থী পৰিষদৰ বজালী শাখাৰ সভাপতি ভূপেন্দ্ৰ নাথ তালুকদাৰে আঁত ধৰা ৰক্তদান শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বজালী জিলাৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাসে ।
পাঠশালাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰক্তদান শিবিৰ - blood-donation-camp
৩০ দিনলৈ ৰক্তদান কৰিব নোৱাৰে ভেকচিন লোৱা লোকে ৷ এই পৰিপ্ৰেক্ষিতত বিপদৰ সময়ত ৰোগীৰ মাজত তেজৰ অভাৱ নোহোৱাৰ উদ্দেশ্যে পাঠশালাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰক্তদান শিবিৰৰ আয়োজন ৷
পাঠশালাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰক্ত দান শিবিৰ
ভেকচিন লোৱাৰ ৩০ দিনলৈ কোনো লোকে ৰক্তদান কৰিব নোৱাৰে ৷ ৰোগীৰ মাজত যাতে তেজৰ অভাৱ নহয় তাৰ বাবে ভেকচিন লোৱাৰ আগমুহুৰ্তত সকলোৱে ৰক্তদান কৰি ৰোগীক সুৰক্ষিত কৰিব পাৰে, সেই উদ্দেশ্যে এই ৰক্তদান শিবিৰৰ আয়োজন কৰা বুলি জনাইছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলে ।
লগতে পঢ়ক:দায়িত্ব লৈয়েই অসম চুক্তি ৰূপায়ণ বিভাগত উপস্থিত মন্ত্ৰী অতুল বৰা