অসম

assam

ETV Bharat / state

অসমত প্ৰায় তেৰ হাজাৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰা হ'ব: ৰামেশ্বৰ তেলী - PMFMP আঁচনি

খাদ্য সংশোধন উদ্যোগৰ জৰিয়তে কিদৰে সৰু বৰ বিভিন্ন উদ্যোগ গঢ় দিব পাৰি সেই সম্পৰ্কে উদ্যোগীসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্যেশ্যে বুধবাৰে বৰপেটাত এখন কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা আৰু PMFMP আঁচনিৰ অধীনত আৰু ফাইনাৰৰ উদ্যোগত অনুষ্ঠিত কৰ্মশালাখনত অংশগ্ৰহন কৰে কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংশোধন উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

অসমত প্ৰায় তেৰ হাজাৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰা হ'ব: ৰামেশ্বৰ তেলী
অসমত প্ৰায় তেৰ হাজাৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰা হ'ব: ৰামেশ্বৰ তেলী

By

Published : Feb 24, 2021, 10:19 PM IST

বৰপেটা,24 ফেব্ৰুৱাৰী: বুধবাৰে বৰপেটাত প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা আৰু PMFMP আঁচনিৰ অধীনত আৰু ফাইনাৰৰ উদ্যোগত ক্ষুদ্ৰ উদ্যোগ গঢ় দিয়া সন্দৰ্ভত এখন কৰ্মশালা অনুষ্ঠিত কৰা হয় ৷ কেন্দ্ৰীয় চৰকাৰৰ খাদ্য সংশোধন উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অংশগ্ৰহন কৰা কৰ্মশালাখনত ফাইনাৰৰ উপ সঞ্চালক প্ৰধান নন্দিনী কলিতাকে ধৰি কেবাগৰাকীও বিষয়াই অংশগ্ৰহন কৰে ৷

মুলতঃ খাদ্য সংশোধন উদ্যোগৰ জৰিয়তে কিদৰে সৰু বৰ বিভিন্ন উদ্যোগ গঢ় দিব পাৰি সেই সম্পৰ্কে উদ্যোগীসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্যেশ্যে কৰ্মশালাখন অনুষ্ঠিত কৰা হয় ৷ কৰ্মশালাখনত অংশ লৈ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনাৰ অধীনত খাদ্য সংশাধনৰ ওপৰত ভিত্তি কৰি সমগ্ৰ দেশতে নতুনকৈ প্ৰায় ২ লাখ উদ্যোগ গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহন কৰাৰ কথা প্ৰকাশ কৰে ৷

অসমত প্ৰায় তেৰ হাজাৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰা হ'ব: ৰামেশ্বৰ তেলী

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, অসমত প্ৰায় তেৰ হাজাৰ উদ্যোগ স্থাপনৰ লগতে উত্তৰ-পূবৰ আন ৰাজ্যসমুহত ৭ হাজাৰ উদ্যোগ গঢ়ি তোলাৰ বাবে আঁচনি গ্ৰহন কৰা হৈছে ৷ নতুনকৈ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত উত্তৰ-পূবৰ উদ্যোগী সকলক ৭৫ শতাংশলৈকে ৰাজ সাহাৰ্য দিয়াৰ কথাও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

অসমত প্ৰায় তেৰ হাজাৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰা হ'ব: ৰামেশ্বৰ তেলী

উদ্যোগ স্থাপনৰ ক্ষেত্ৰত উদ্যোগীসকলক আকৰ্ষিত কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অতি সৰল প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে উদ্যোগ স্থাপনৰ প্ৰতি আগ্ৰহী উদ্যোগী সকলক সহায় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ ৩৩ খন জিলাত একোজনকৈ দক্ষ লোকক নিয়োগ কৰিছে ৷ এই লোকজনেই ডিপিআৰ প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি বেংকৰ পৰা ঋণ উলিওৱালৈকে সকলো কামত সহায় আগবঢ়াব ৷


লগতে পঢ়ক:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ শোণিতপুৰ জিলাৰ ছপাশাল ব্যৱসায়ীৰ

ABOUT THE AUTHOR

...view details