অসম

assam

বিটিএডিত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত গঠন হোৱা চুক্তি "মৰণফান্দ" চুক্তিঃ এবিএমছু

By

Published : Jan 25, 2020, 10:26 AM IST

বি টিএডিত বসবাস কৰা গৰিষ্ঠসংখ্যক জনগণক অন্ধকাৰত ৰাখি যদি ইউ টি চি চুক্তি কৰে তেন্তে বিটিএডিত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব ৷ বিগত 15 বছৰে বিটিএডিত বসবাস কৰা অবড়ো লোকসকলক বৰ্তমানলৈকে সম-মৰ্যাদা, সম-ন্যায়, সম-উন্নয়ন আৰু সম-নিৰাপত্তা দিয়া ন'হল বুলি অভিযোগ উত্থাপন কৰে এবিএমছুয়ে ৷ শুকুৰবাৰে উত্তৰ গোৱৰ্দ্ধনাত অনুষ্ঠিত হোৱা সজাগতা সভাত এই হুংকাৰ দিয়ে এবিএমছুৱে ৷

বিটিএডি
বিটিএডিত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত গঠন হোৱা চুক্তি "মৰণফান্দ" চুক্তিঃ এবিএমছু

বৰপেটাৰোড 25 জানুৱাৰীঃ বিটিএডিত ইউ টি চি গঠনকলৈ গভীৰ ষড়যন্ত্ৰ চলিছে ৷ বিটিএডিৰ বিভিন্ন ছাত্ৰ সংগঠনৰ লগতে বিটিএডিত বসবাস কৰা গৰিষ্ঠসংখ্যক জনগণক অন্ধকাৰত ৰাখি যদি ইউ টি চি চুক্তি কৰে তেন্তে বিটিএডিত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে এবিএমছুয়ে ৷ শুকুৰবাৰে নিশা ইউটিচি সম্পৰ্কত এনেদৰে মন্তব্য কৰে এবিএমছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি ইব্ৰাহীম আলীয়ে ৷ শালবাৰীৰ কালপানীত আয়োজিত সভাত সভাপতিগৰাকীয়ে কয়, "বিগত ২০০৩ চনত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিএডিত যি চুক্তি হৈছিল সেই চুক্তি "মৰণফান্দ" চুক্তি ৷ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিএডিত সকলো জাতি জনগোষ্ঠীৰ সম-অধিকাৰ, সম-উন্নয়ন, সম-মৰ্যাদা, সম-ন্যায় আৰু সম-নিৰাপত্তা দিয়া হ'ব বুলি মৰণফান্দ চুক্তিত উল্লেখ কৰিছিল ৷ কিন্তু বিগত 15 বছৰে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বসবাস কৰা অবড়ো লোকসকলে বৰ্তমানলৈকে সম-মৰ্যাদা, সম-ন্যায়, সম-উন্নয়ন আৰু সম-নিৰাপত্তা দিয়া ন'হল বুলি অভিযোগ উত্থাপনকৰে এবিএমছুয়ে ৷

ইউ টি চি চুক্তিত বিটিএডিত বসবাস কৰা ৭৩ শতাংশ অবড়ো লোকৰ যাতে কোনো ক্ষতি নহয় তাৰ প্ৰতি নজৰ দিবলৈ হাগ্ৰামা মহিলাৰীক আহ্বান জনায় এবিএমছুৱে ৷ অন্যথা ইউটিচি চুক্তিৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী লোৱাৰো হুংকাৰ দিয়ে সভাপতি ইব্ৰাহীম আলীয়ে ৷

বিটিএডিত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত গঠন হোৱা চুক্তি "মৰণফান্দ" চুক্তিঃ এবিএমছু

আনহাতে, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী পূৰ্বৰ মন্তব্য অনুসৰি, ইউ টি চি চুক্তিৰ আগত যিসকল লোকে বিটিএডিত বসবাস কৰি আছে তেওঁলোকক উচ্ছেদ কৰা নহয় ৷ কিন্তু শেহতীয়াকৈ বিটিএডিৰ জনজাতি ট্ৰাইবেল বেল্ট আৰু ব্লকৰ ভিতৰতঅজনজাতীয় লোক সকলক উচ্ছেদ আৰু বেদখল মুক্ত কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়ে ৷ সেয়েহে সেই ৰায়ৰ বিৰুদ্ধে হাগ্ৰামা মহিলাৰীক আপিল কৰিবলৈ আহ্বান জনায় এবিএমছুৱে ৷ বিটিএডিৰ ভিতৰত যদি এটা পৰিয়ালকো উচ্ছেদৰ নামত হাৰাশাস্তি কৰে তেন্তে এবিএমছুৱে হাত সাৱটি বহি নাথাকে বুলিও সভাত মন্তব্য কৰে ৷
উল্লেখ্য যে, সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা এবিএমছুৰ কালপানী আঞ্চলিক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ লগত সংগতি ৰাখি ইউ টি চি গঠন সম্পৰ্কে উত্তৰ গোৱৰ্দ্ধনা হাইস্কুল খেলপথাৰপ্ৰাংগণত শুকুৰবাৰে অনুষ্ঠিত হোৱা সজাগতা সভাত এই হুংকাৰ দিয়ে এবিএমছুৱে ৷ সজাগতা সভাত এবিএমছুৰ শালবাৰী জিলা সমিতিৰ উপদেষ্টা ক্ৰমে মাইনুদ্দিন আহমেদ, নায়েৱ আলী, জিলা সমিতিৰ সাধাৰণ সম্পাদক স্বাইজুদ্দিন খন্দকাৰ, বিশিষ্ট শিক্ষাবিদ আব্দুছ ছামাদ আহমেদৰ লগতে এবিএমছুৰ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে ৷

আৰু পঢ়কঃ চীনৰ কোৰোনাভাইৰাছ ধাৰণ কৰিছে ভয়ংকৰ ৰূপ

ABOUT THE AUTHOR

...view details