অসম

assam

ETV Bharat / state

নৱনিৰ্বাচিত সাংসদ আব্দুল খালেকৰ মাতৃৰ নামত এন আৰ চিত আপত্তি - মাতৃ

" কলগাছিয়াৰ বৰটাৰী গাঁৱত মোৰ মাতৃয়ে জন্ম গ্ৰহণ কৰিছে ৷ তাৰোপৰি মোৰ মাতৃৰ নাম 1951 চনৰ এন আৰ চিত থকাৰ লগতে 1970 ৰ ভোটাৰ তালিকাতো সন্নিৱিষ্ট আছে ৷ তেনেক্ষেত্ৰত মোৰ মাতৃৰ নাম এন আৰ চিত সন্দেহজনকৰ তালিকাত সোমোৱাটো ৰহস্যজনক ৷" - এই মন্তব্য সাংসদ আব্দুল খালেকৰ ৷

এইবাৰ সাংসদ আব্দুল খালেকৰ মাতৃৰ নামত এন আৰ চিত আপত্তি

By

Published : May 27, 2019, 3:13 PM IST

বৰপেটা,27 মে' : বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকৰ মাতৃৰ নামত এন আৰ চিত আপত্তি ৷ নিজ মাতৃক লগত লৈ শুনানিৰ বাবে এন আৰ চি কেন্দ্ৰত উপস্থিত হল সাংসদ আব্দুল খালেক ৷

বৰপেটাৰোডৰ প্ৰসূতি সদনত থকা এন আৰ চি কেন্দ্ৰত সোমবাৰে 75 বছৰীয়া সাংসদ মাতৃ ছবুৰা খাতুনক লগত লৈ উপস্থিত হয় বৰপেটাৰ সাংসদ আব্দুল খালেক ৷ সাংসদগৰাকীৰ মাতৃৰ বিৰুদ্ধে হৃদয় ৰঞ্জন নাথ নামৰ অজ্ঞাত লোক এজনে এন আৰ চিত দাখিল কৰা কাগজ-পত্ৰ শুদ্ধ নহয় বুলি আপত্তি দৰ্শাইছিল ৷ সেই মৰ্মে নিজ মাতৃক লগত লৈ সোমবাৰে পুৱা বৰপেটাৰোডৰ এন আৰ চি কেন্দ্ৰত উপস্থিত হয় যদিও কেন্দ্ৰত উপস্থিত নাথাকিল হৃদয় ৰঞ্জন নাথ ৷

এইবাৰ সাংসদ আব্দুল খালেকৰ মাতৃৰ নামত এন আৰ চিত আপত্তি

সাংসদ আব্দুল খালেকে কয় ," কলগাছিয়াৰ বৰটাৰী গাঁৱত মোৰ মাতৃয়ে জন্ম গ্ৰহণ কৰিছে ৷ তাৰোপৰি মোৰ মাতৃৰ নাম 1951 চনৰ এন আৰ চিত থকাৰ লগতে 1970 ৰ ভোটাৰ তালিকাতো সন্নিবিষ্ট আছে ৷ তেনেক্ষেত্ৰত মোৰ মাতৃৰ নাম এন আৰ চিত সন্দেহজনকৰ তালিকাত সোমোৱাটো ৰহস্যজনক ৷" লগতে তেখেতৰ মাতৃৰ বিৰুদ্ধে আপত্তি দৰ্শোৱা হৃদয় ৰঞ্জন নাথ নামৰ লোক জনে এন আৰ চি কেন্দ্ৰত উপস্থিত নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি প্ৰকৃত ভাৰতীয় নাগৰিকক এন আৰ চিৰ নামত অযথা হাৰাশাস্তি কৰা এই শুনানিয়েই শেষ শুনানি হওক বুলি তীৰ্যক মন্তব্য কৰে সাংসদগৰাকীয়ে ৷

সাংসদ আব্দুল খালেকে এজনো বিদেশীৰ নাম নথকাকৈ আৰু এজনো স্বদেশীৰ নাম বাদ নপৰাকৈ এখন শুদ্ধ এন আৰ চি বিচৰা বুলি উল্লেখ কৰি সাংসদ আব্দুল খালেকে কয়, "এনে ধৰনৰ পলৰীয়া অভিযোগকাৰী সকল এন আৰ চিৰো শত্ৰু আৰু ৰাষ্ট্ৰৰো শত্ৰু ৷ এনে শত্ৰুক চিনাক্তকৰণ কৰাটো আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য ৷"

ABOUT THE AUTHOR

...view details