অসম

assam

By

Published : Oct 15, 2019, 4:09 PM IST

ETV Bharat / state

ৰামনামি বস্ত্ৰ পৰিধান কৰি বিতৰ্কত সাংসদ আব্দুল খালেক

সাংসদ আব্দুল খালেকে ৰামনামি বস্ত্ৰ পৰিধান, দাঢ়ি টুপিক লৈ কৰা মন্তব্যক এ আই ইউ ডি এফে ইছ্যু কৰাৰ লগতে একাংশ সংবাদমাধ্যমতো প্ৰকাশ হোৱা বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ আব্দুল খালেকে৷ তেখেতে কয় যে, , ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আমি ভাৰতৰ সাংস্কৃতি বিশ্বাসী। কোনো এটা অনুষ্ঠানত কোনো হিন্দু মানুহক টুপিৰে সম্বৰ্ধনা জনোৱাটো তেনেই সাধাৰণ কথা৷ এ আই ইউ ডি সাম্প্ৰদায়িক দল কাৰণে এইবোৰ ইছ্যু কৰাটো দূৰ্ভাগ্যজনক৷

ৰামনামী বস্ত্ৰ পৰিধানৰ বিতৰ্কত প্ৰতিক্ৰিয়া সাংসদ আব্দুল খালেকৰ

জনীয়া, 15 অক্টোবৰঃ ৰাজ্যত তীব্ৰতৰ হৈ পৰিছে উপ নিৰ্বাচনৰ প্ৰচাৰ ৷ চাৰিওটা সমষ্টিতে নিজৰ দলৰ প্ৰৰ্থীৰ বাবে প্ৰচাৰত নামিছে বহুতো ৰথী মহাৰথী ৷ সমান্তৰালকৈ আকৰ্ষণীয় হৈ পৰিছে জনীয়া সমষ্টিৰ উপ নিৰ্বাচনৰ বাকযুদ্ধৰ খেলখন৷ সাংসদ আব্দুল খালেকে ৰামনামি বস্ত্ৰ পৰিধান কৰাক লৈ এ আই ইউ ডি এফে ইছ্যু কৰাৰ লগতে একাংশ সংবাদমাধ্যমতো প্ৰকাশ হোৱা বাতৰিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ আব্দুল খালেকে৷ সাংসদ গৰাকীৰ ককাক তথা দেউতাক মছজিদৰ ইমাম আছিল৷ আব্দুল খালেকৰ পৰিয়ালত এতিয়াও বহুকেইগৰাকী সদস্যই দাঢ়ি ৰাখিছে টুপি পিন্ধে ৷ ইমাম সমাজৰ প্ৰতি আব্দুল খালেকৰ শ্ৰদ্ধা আছে বুলি কয় সাংসদ গৰাকীয়ে ৷

ৰামনামী বস্ত্ৰ পৰিধানৰ বিতৰ্কত প্ৰতিক্ৰিয়া সাংসদ আব্দুল খালেকৰ

সাংসদগৰাকীয়ে এই অপপ্ৰচাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আমি ভাৰতৰ সাংস্কৃতি বিশ্বাসী। কোনো এটা অনুষ্ঠানত কোনো হিন্দু মানুহক টুপিৰে সম্বৰ্ধনা জনোৱাটো তেনেই সাধাৰণ কথা৷ এ আই ইউ ডি সাম্প্ৰদায়িক দল কাৰণে এইবোৰ ইছ্যু কৰাটো দূৰ্ভাগ্যজনক৷ কিন্তু এইবোৰ কথাত গুৰুত্ব আৰোপ নকৰে বলিও মন্তব্য কৰে সাংসদগৰাকীয়ে৷ লগতে ৰাঙাপাৰা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত ড৹ হিমন্ত বিশ্ব শৰ্মাই আব্দুল খালেকক চালানি বুলি কোৱাৰ ওপৰতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সাংসদ গৰাকীয়ে৷

লগতে পঢ়ক চাপৰত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য সহ আটক তিনি যুৱক

ABOUT THE AUTHOR

...view details