বৰপেটা,20 মে': বৰপেটা জিলাৰ ক'ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে বুধবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হ'ল সাংসদ আব্দুল খালেক আৰু দুই নৱ নিৰ্বাচিত বিধায়ক ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালত উপস্থিত হৈয়ে হাস্পতালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰ, অতিৰিক্ত উপায়ুক্ত আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে ক'ভিড পৰিস্থিতিক লৈ আলোচনাত মিলিত হয় সাংসদসহ বিধায়ক দুগৰাকী ৷
বিগত দিনত ক'ভিডত আক্ৰান্ত হৈ কেইবাজনো ৰাজনীতিকৰ মৃত্যু হোৱাৰ প্ৰসংগ উত্থাপন কৰি ৰাজ্যখনৰ লগতে বৰপেটা জিলাখনকো কেনেকৈ ক'ভিড মুক্ত কৰিব পাৰি, সেই কথাৰ গুৰুত্ব প্ৰদানৰ দিশসমূহ আলোচনা কৰে সাংসদ খালেকে ৷ বৰপেটাৰ সামগ্ৰিক ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণাধীন যদিও কিছু সমস্যা থকাৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণৰ আশা প্ৰকাশ কৰে সাংসদ গৰাকীয়ে ৷