জনীয়া, 09 জুন : 6 নং বৰপেটা লোকসভা সমষ্টিৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকক শনিবাৰে বৰপেটাত সম্বৰ্দ্ধনা জনোৱা হয় ৷ ভাতকুছিৰ স্কাইলাৰ্ক ক্লাৱ এণ্ড লাইব্ৰেৰী আৰু মন্দিয়া ব্লক কংগ্ৰেছৰ উদ্যোগত পৃথকে পৃথকে এই সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷
জনীয়াত সাংসদ আব্দুল খালেকক সম্বৰ্দ্ধনা - সম্বৰ্ধনা অনুষ্ঠান
নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰদান কৰা প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাৰ চেষ্টা কৰিব বুলিও নৱ নিৰ্বাচিত সাংসদগৰাকীয়ে দোহাৰে ৷ আনকি 'ডি' ভোটাৰ আৰু এন আৰ চি সম্পৰ্কে অচিৰেই বৰপেটাত উচ্চ পৰ্যায়ৰ কেইবাগৰাকী অভিজ্ঞ অধিবক্তাৰ উপস্থিতত এখন আইনী কৰ্মশালাৰ আয়োজন কৰিব বুলিও ঘোষণা কৰে ৷
ভাতকুছিৰ স্কাইলাৰ্ক ক্লাব এণ্ড লাইব্ৰেৰীৰ উদ্যোগত আয়োজিত অনুষ্ঠানত অৱসৰ প্ৰাপ্ত শিক্ষক খালেক আহমেদ আৰু মন্দিয়া ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত মন্দিয়া ব্লক কংগ্ৰেছৰ সভাপতিয়ে সভাপতিত্ব কৰে ৷ সাংসদ গৰাকীক কংগ্ৰেছ দলৰ বিভিন্ন পৰ্য্যায়ৰ নেতা-কৰ্মীৰ লগতে সাধাৰণ ৰাইজেও গামোচা,জাপি, শৰাই আৰু কলমেৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ দুয়োটা অনুষ্ঠানতে সাংসদ আব্দুল খালেকে সমগ্ৰ 6 নং বৰপেটা লোকসভা সমষ্টিৰ ৰাইজক আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ৷ সাংসদ আব্দুল খালেকে 'ডি'ভোটাৰৰ সমস্যা তথা এন আৰ চিত যদি কোনো বৈধ ভাৰতীয় নাগৰিক বাদ পৰে তেন্তে তেওঁৰ পক্ষত সংসদৰ ভিতৰে-বাহিৰে শক্তিশালী ভূমিকা গ্ৰহণ কৰা, সত্ৰ নগৰী বৰপেটাক ঐতিহ্য নগৰী হিচাপে গঢ়ি তোলাৰ লগতে উন্নয়নৰ যাত্ৰা অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰে ৷ নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰদান কৰা প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাৰ চেষ্টা কৰিব বুলিও নৱ নিৰ্বাচিত সাংসদগৰাকীয়ে দোহাৰে ৷ আনকি 'ডি' ভোটাৰ আৰু এন আৰ চি সম্পৰ্কে অচিৰেই বৰপেটাত উচ্চ পৰ্যায়ৰ কেইবাগৰাকী অভিজ্ঞ অধিবক্তাৰ উপস্থিতত এখন আইনী কৰ্মশালাৰ আয়োজন কৰিব বুলিও ঘোষণা কৰে ৷
মন্দিয়া ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত সম্বৰ্ধনা অনুষ্ঠান খনত বাঘবৰ বিধান সভা সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ উপস্থিত থাকি আদৰণী ভাষণ আগবঢ়ায় ৷ ভাষণত বিধায় গৰাকীয়ে সাংসদ আব্দুল খালেকক ভূয়সী প্ৰশংসা কৰা দেখা যায় ৷ লগতে জনীয়া বিধান সভাসমষ্টিৰ বাবে হ'বলগীয়া উপ-নিৰ্বাচনত উন্নয়নৰ গতি অধিক তীব্ৰতৰ কৰিবলৈ দলে যাকেই প্ৰাৰ্থিত্ব প্ৰদান নকৰক কিয় তেওঁক বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায় ৷