অসম

assam

ETV Bharat / state

বড়ো শান্তি চুক্তিৰ জৰিয়তে অসম পুনৰ বিভাজন হ’বলৈ গৈ আছেঃ আব্দুল খালেক - কা সন্দৰ্ভত আব্দুল খালেকৰ সংবাদমেল

বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকৰ সংবাদমেল ৷ উক্ত সংবাদমেলযোগে সাংসদ গৰাকীয়ে "কা"ৰ উপৰিও বড়ো শান্তি চুক্তিৰ ওপৰতো মন্তব্য আগবঢ়ায় ৷

Abdul Khalek press meet on CAA and Bodo peace treaty
বড়ো শান্তি চুক্তিৰ জৰিয়তে অসম পনৰ বিভাজন হ’বলৈ গৈ আছেঃআব্দুল খালেক

By

Published : Jan 27, 2020, 8:04 PM IST

বৰপেটা,27 জানুৱাৰীঃবৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে সোমবাৰে এখন সংবাদমেল আয়োজন কৰি শাসনাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰে ৷ সংবাদমেলযোগে সাংসদগৰাকীয়ে কয় যে, কংগ্ৰেছ দলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আহিছে আৰু এই বিতৰ্কিত আইনখনৰ ক্ষেত্ৰত কংগ্ৰেছ দল নিজৰ স্থিতিতে থাকিব ৷ আনহাতে আইনখনৰ জৰিয়তে মুছলমান লোকসকলক অন্তৰ্ভূক্ত কৰিলে কংগ্ৰেছে সমৰ্থন জনোৱা কথাটোক অস্বীকাৰ কৰে আব্দুল খালেকে ৷ ১৯৭১ চনৰ পিছৰ অনুপ্ৰৱেশকাৰী সকলক কেতিয়াও গ্ৰহণ কৰা নহ'ব, অসম তথা ভাৰতলৈ অনুপ্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে ৷ এই আইনখনে বাংলাদেশ আৰু আফগানিস্তানৰ লগত ভাৰতৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কত ব্যাঘাত সৃষ্টি কৰিব বুলি ব্যক্ত কৰে সাংসদগৰাকীয়ে ৷ এই আইনখনে বাংলাদেশ আৰু আফগানিস্তানৰ মৌলবাদী সংগঠন সমূহৰ হাত শক্তিশালী কৰিব ৷

ইউটিচি সন্দৰ্ভত সাংসদ আব্দুল খালেকৰ মন্তব্য
কা সন্দৰ্ভত সাংসদ আব্দুল খালেকৰ মন্তব্য

আনহাতে, ইউ টি চি সম্পৰ্কত মন্তব্য প্ৰকাশ কৰি সাংসদ গৰাকীয়ে কয় যে, এই চুক্তিখনৰ জৰিয়তে অসম পুনৰ বিভাজন হ’বলৈ গৈ আছে ৷ অসম চৰকাৰে এই সম্পৰ্কত নিজৰ স্থিতি প্ৰকাশ কৰিব লাগে ৷ লগতে চৰকাৰে এই চুক্তি খনৰ জৰিয়তে অসম বিভাজনৰ পথ মুকলি কৰিছে বুলিও অভিযোগ উত্থাপন কৰে সাংসদ গৰাকীয়ে ৷ তেখেতে লগতে কয় যে, জনগোষ্ঠীয় লোকসকলক তেওঁলোকৰ অধিকাৰ প্ৰদান কৰাটো উচিত যদিও জনগোষ্ঠী সকলৰ লগতে বড়ো ভূমিত থকা অন্যান্য সম্প্ৰদায়ৰ লোক সকলৰ অধিকাৰ নিশ্চিত কৰিব লাগে ৷

লগতে পঢ়ক-আদালতত নাকচ অভি-নীল হত্যাৰ অভিযুক্তৰ নাবালকৰ প্ৰমানপত্ৰ

ABOUT THE AUTHOR

...view details