জনীয়া, ২৪ মে': বৃহস্পতিবাৰে ঘোষিত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে আশানুৰূপ ফলাফল পাই উৎফুল্লিত হৈ পৰিছে বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেক । প্ৰায় ডেৰ লাখ ভোটত জয়ী হোৱাৰ পাছত বৰপেটা সমষ্টিবাসীৰ হৈ কাম কৰি যাব বুলি মন্তব্য কৰে আব্দুল খালেকে । "জনতাই জনাৰ্দন" বুলি মন্তব্য কৰি তেওঁ সমাজৰ নিপীড়িত জনতাৰ হকে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে ।
"জনতাই জনাৰ্দন" : আব্দুল খালেক - সমাজৰ নিপীড়িত জনতাৰ হকে কাম কৰাৰ প্ৰতিশ্ৰুতি
বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকে প্ৰায় ডেৰ লাখ ভোটত জয়ী হোৱাৰ পাছতে ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে । সমাজৰ নিপীড়িত জনতাৰ হকে কাম কৰি যাব বুলি প্ৰতিশ্ৰুতিও প্ৰদান কৰে তেওঁ ।
!["জনতাই জনাৰ্দন" : আব্দুল খালেক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3371174-thumbnail-3x2-ab-2.jpeg)
নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেক
নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেক
শুকুৰবাৰে কলগাছিয়াত উপস্থিত হৈ নৱ নিৰ্বাচিত সাংসদ গৰাকীয়ে বৰপেটা লোকসভাৰ ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে । উপস্থিত ৰাইজে নৱ নিৰ্বাচিত সাংসদ গৰাকীক বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে ।