পাঠশালা, 25 নৱেম্বৰ:পাঠশালাত আছুৱে জব্দ কৰিলে চোৰাং গৰুসহ গৰু সৰহবৰাহ কৰা এখন ট্ৰাক ৷ মঙলবাৰে নিশা আছুৱে পাঠশালাৰ 31নং ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং গৰু সহ ট্ৰাকখন জব্দ কৰে ৷ ইউপি 78 চি এন-2725 নম্বৰৰ ট্ৰাকখনৰ পৰা আছুৰ কৰ্মীবৃন্দই 10 টাকৈ চোৰাং গৰু জব্দ কৰে ৷
পাঠশালাত আছুৱে জব্দ কৰিলে চোৰাং গৰুসহ ট্ৰাক
পাঠশালাত চোৰাং গৰু জব্দ ৷ মঙলবাৰে নিশাৰ ভাগত আছুৱে চোৰাং গৰুসহ গৰু সৰহবৰাহ কৰা এখন ট্ৰাক জব্দ কৰে ৷ ট্ৰাকখনৰ পৰা 10 টাকৈ উন্নত প্ৰজাতিৰ গৰু উদ্ধাৰ ৷
ৰাষ্ট্ৰীয় ঘাইপথটোৰে এনেদৰে গৰুৰ চোৰাং বেহা চলি থকা কাৰ্যক গৰিহণা দিয়াৰ লগতে আছু কৰ্মী সকলে ৰাষ্ট্ৰীয় ঘাইপথটোৰে এনেদৰে গৰুৰ চোৰাং বেহা চলি থকাৰ অভিযোগ উত্থাপন কৰে ৷ ঘটনাস্থলীত বজালী মহকুমা আৰক্ষী বিষয়াৰ লগতে পাঠশালা আৰক্ষী আহি উপস্থিত হয় ৷
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে এক গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে 31নং ৰাষ্ট্ৰীয় ঘাইপথটোৰে পশ্চিম দিশৰ পৰা চোৰাং গৰুসহ ট্ৰাকখন আহি আছিল ৷
লগতে পঢ়ক:তৰুণ গগৈক শ্ৰদ্ধাঞ্জলী জনাবলৈ গুৱাহাটীত উপস্থিত ৰাহুল গান্ধী