অসম

assam

By

Published : Jan 25, 2022, 4:03 PM IST

ETV Bharat / state

গণৰাজ্য দিৱসৰ প্ৰাক্ ক্ষণত 26 ঘন্টীয়া অনশনত বহিল সদৌ অসম ছাত্ৰ সন্থা

সত্ৰনগৰী বৰপেটাক ৰেলপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰাৰ দাবীত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ ২৬ ঘন্টীয়া অনশন (AASU set on hunger strike in Barpeta)৷ মঙলবাৰে পুৱা ৭ বজাৰ পৰা ২৬ জানুৱাৰীৰ পুৱা ৯ বজালৈ ২৬ ঘন্টীয়া অনশন কাৰ্যসূচী অব্যাহত থাকিব ৷

AASU set on hunger strike in Barpeta
AASU set on hunger strike in Barpeta

বৰপেটা, ২৫ জানুৱাৰী : গণৰাজ্য দিৱসৰ এদিন পূৰ্বে বৰপেটাত আছুৰ ২৬ ঘন্টীয়া অনশন ৷ সত্ৰ নগৰী বৰপেটাক ৰেলপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰাৰ দাবীত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই মঙলবাৰৰ পৰা আৰম্ভ কৰিছে ২৬ ঘন্টীয়া অনশন কাৰ্যসূচী (AASU set on hunger strike in Barpeta) ৷ মঙলবাৰে পুৱা ৭ বজাৰ পৰা ২৬ জানুৱাৰীৰ পুৱা ৯ বজালৈ ২৬ ঘন্টীয়া অনশন কাৰ্যসূচী অব্যাহত থাকিব ৷

অসমৰ শতিকা প্ৰাচীন চহৰ সত্ৰনগৰী বৰপেটাবাসীক ৰেল আৰু ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগৰ দাবীৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবেই এনেদৰে ২৬ জানুৱাৰীৰ পূৰ্বে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে ছাত্ৰসন্থাই (AASU demands railway connectivity to Barpeta Town) ৷ আনহাতে, বৰপেটা চহৰৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেল লাইনৰ কোনো ব্যৱস্থা নথকাৰ ফলত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিছে জিলাবাসীৰ লগতে চহৰখনত চাকৰি কৰা অন্য জিলাৰ চাকৰিয়ালসকল ৷

গণৰাজ্য দিৱসৰ প্ৰাক্ ক্ষণত 26 ঘন্টীয়া অনশনত বহিল সদৌ অসম ছাত্ৰ সন্থা

আনহাতে, ৰেলৰ ভেকুৱাম ব্ৰেক(GP BRAKE) উদ্ভাৱন কৰি ৰেললৈ উল্লেখযোগ্য অৱদান দিয়া কৰ্ণেল গুৰুপ্ৰসাদ দাসৰ জন্মচহৰ বৰপেটাক ৰেলপথেৰে সংযোগ কৰাৰ বাবে পূৰ্বতে কেন্দ্ৰীয় চৰকাৰে জৰীপ সম্পূৰ্ণ কৰাৰ পিচতো ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ নহ'ল ৷

যাতায়তৰ ক্ষেত্ৰত বৰপেটাৰ নাগৰিকে সন্মুখীন হৈ অহা সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি এনেদৰে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ এই দাবীৰ প্ৰতি বৰপেটাৰ সকলো সংস্থা, সংগঠন আদিয়েও সমৰ্থন আগবঢ়াইছে ৷

লগতে পঢ়ক :আলফাৰ ভাবুকি নাথাকিলেও ধুবুৰীত গণৰাজ্য দিৱসলৈ আছে ভাবুকি

ABOUT THE AUTHOR

...view details