অসম

assam

ETV Bharat / state

সৰ্বানন্দ সোণোৱালক ত্যাজ্য পুত্ৰ ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ - aasu protest

EIA-২০ আৰু নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি ৰাজপথত দাহ কৰি দেওবাৰে বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই ত্যাজ্য পুত্ৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীক ৷

সৰ্বানন্দ সোণোৱালক ত্যাজ্য পুত্ৰ ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ
সৰ্বানন্দ সোণোৱালক ত্যাজ্য পুত্ৰ ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ

By

Published : Jan 24, 2021, 3:58 PM IST

বৰপেটাৰোড, 24 জানুৱাৰী :ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে জাৰি কৰা পৰিবেশ প্ৰভাৱ নিৰূপণ অধিসূচনা, ২০২০ এ পুনৰ খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ এই EIA-২০ আৰু নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি ৰাজপথত দাহ কৰি দেওবাৰে বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে, সৰভোগৰ ৰাজপথত বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাই নৰেন্দ্ৰ মোদী গ বেক, অমিত শ্বাহ গ বেক, কা আমি নামানো, EIA নামানো, অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰক, বিজেপি গ বেক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

সৰ্বানন্দ সোণোৱালক ত্যাজ্য পুত্ৰ ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ

ইপিনে যিখন শ্বহীদ ভৱনৰ পৰা গৈ সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হ’ল, সেইখন শ্বহীদ ভৱনৰ পৰাই ছাত্ৰ সন্থাই ওলোৱা জোঁৰ সমদলক আৰক্ষী লগাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিবাদৰ কণ্ঠ ৰুদ্ধ কৰিছে বুলি বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাই অভিযোগ তুলিছে ৷

সৰ্বানন্দ সোণোৱালক ত্যাজ্য পুত্ৰ ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ

ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই সৰ্বানন্দ সোণোৱালক জাতীয় নায়কৰ সলনি জাতীয় খলনায়ক হিচাপে আখ্যা দিয়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই ত্যাজ্য পুত্ৰ ঘোষণা কৰিছে বুলিও মন্তব্য কৰে বৰনগৰ আঞ্চলিক ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক:আমছুৰ নতুন সভাপতিৰ মতে সত্যৰঞ্জন বৰা মুছলমান বিদ্বেষী নহয় !

ABOUT THE AUTHOR

...view details