অসম

assam

By

Published : Nov 1, 2020, 4:58 PM IST

ETV Bharat / state

পাঠশালাত ঘেৰাও ফণীভূষণ চৌধুৰীৰ বাহন

ৰাজ্যৰ বজাৰত লগা মূল্যবৃদ্ধিৰ জুয়ে কোঙা কৰিছে সৰ্বাসাধাৰণ ৰাইজক ৷ তাৰ পাচতো মূল্যবৃদ্ধি ৰোধ কৰাত ব্য়ৰ্থ চৰকাৰৰ লগতে যোগান বিভাগ ৷ যাৰ বাবে দেওবাৰে পাঠশালাত প্ৰতিবাদৰ সন্মুখীন হয় যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী ৷ মন্ত্ৰী গৰাকীৰ বাহন ঘেৰাও কৰি পাঠশালা ছাত্ৰ সন্থাৰ একাংশ সদস্যই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদ ৷

পাঠশালাত ঘেৰাও ফণীভূষণ চৌধুৰীৰ বাহন
পাঠশালাত ঘেৰাও ফণীভূষণ চৌধুৰীৰ বাহন

পাঠশালা, 1 নৱেম্বৰ :পাঠশালাত মহিলা পৰিষদৰ সভাত অংশগ্ৰহণৰ বাবে অহাৰ পথতে প্ৰতিবাদৰ সন্মুখীন হয় যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী ৷ কিয়নো ৰাজ্যৰ বজাৰত লগা মূল্যবৃদ্ধিৰ জুয়ে কোঙা কৰিছে সৰ্বাসাধাৰণ ৰাইজক ৷ বজাৰত আকাশলংঘী হৈ পৰিছে প্ৰতিটো বস্তুৰ মূল্য ৷ তেনে ক্ষেত্ৰত মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা ৰাজ্য চৰকাৰ তথা যোগান বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্যৰ চৌদিশ ৷

পাঠশালাত ঘেৰাও ফণীভূষণ চৌধুৰীৰ বাহন

তাৰ পৰিপ্ৰেক্ষিতত দেওবাৰৰ দিনটোৰ পাঠশালাতো এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে পাঠশালা ছাত্ৰ সন্থাই ৷ বজাৰত সামগ্ৰীৰ জুই চাই দাম, তেনেস্থলত অসম চৰকাৰ আৰু যোগান বিভাগ সম্পূৰ্ভাৱে ব্যৰ্থ বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ৷ যোগানমন্ত্ৰীক অতি শীঘ্ৰেই এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি সৰ্বাসাধাৰণ ৰাইজক সকাহ প্ৰদান কৰিবলৈ দাবী জনালে প্ৰতিবাদকাৰী সকলে ৷ যোগানমন্ত্ৰী গৰাকীৰ বাহন ঘেৰাও কৰি পাঠশালা ছাত্ৰ সন্থাৰ একাংশ সদস্যই প্ৰতিবাদ সাব্যস্ত কৰিলে মূল্যবৃদ্ধি ৰোধৰ বাবে ৷

লগতে পঢ়ক:বাক্সাত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ

ABOUT THE AUTHOR

...view details