অসম

assam

ETV Bharat / state

বৰপেটাক ৰে’লপথৰে সংযোগৰ দাবীত আছুৰ বিক্ষোভ - demand for railway connectivity in Barpeta

সত্ৰ নগৰী বৰপেটাক ৰেইলপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰাৰ দাবীত স্বাধীনতা দিৱসৰ দিনাই বৰপেটাত আছুৱে ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী (AASU protest at Barpeta)। যেতিয়ালৈ বৰপেটাক ৰেলেৰে সংযোগ কৰা নহয় তেতিয়ালৈ এইদৰে প্ৰতিবাদী কাৰ্যসূচী অব্য়াহত থাকিব বুলি সকীয়াই দিছে প্ৰতিবাদকাৰীয়ে ।

AASU protest at Barpeta
বৰপেটাক ৰেইলপথৰে সংযোগৰ দাবীত আছুৰ বিক্ষোভ

By

Published : Aug 15, 2022, 12:57 PM IST

বৰপেটা, ১৫ আগষ্ট:স্বাধীনতা লাভৰ সাত দশকৰ পিছতো ৰে'ল সেৱাৰ পৰা বঞ্চিত হৈ আছে বৰপেটাবাসী । জিলাখলৰ ৰাইজে দীৰ্ঘদিন ধৰি ৰে'ল সেৱাৰ বাবে দাবী উত্থাপন কৰি আহিলেও চৰকাৰে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে । সেয়েহে সত্ৰ নগৰী বৰপেটাক ৰে'লপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে (Demand for railway connectivity in Barpeta) সংযোগ কৰাৰ দাবীত স্বাধীনতা দিৱসৰ দিনটোতেই বৰপেটাত আছুৱে ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী (AASU protests demanding railway track)।

ভাৰতৰ অন্য় প্ৰান্তৰ লগতে অসমতো সোমবাৰে ৭৬ সংখ্যক স্বাধীনতা দিৱস (76th Years of Independence) বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছে ৷ তাৰ মাজতে বৰপেটাত আছুৱে ৩ ঘন্টীয়া বিক্ষোভ প্ৰদৰ্শন কৰে ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই সোমবাৰে পুৱা ৭ বজাৰ পৰা জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ জনায় ।

বৰপেটাক ৰেইলপথৰে সংযোগৰ দাবীত আছুৰ বিক্ষোভ

এই প্ৰতিবাদেৰে অসমৰ শতিকা প্ৰাচীন চহৰ সত্ৰনগৰী বৰপেটাবাসীক ৰেল আৰু ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগৰ দাবীৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে । বৰপেটা চহৰৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে'ল সংযোগৰ ব্যৱস্থা নথকাৰ ফলত জিলাবাসীয়ে সমস্য়াৰ সন্মুখীন হ'বলগীয়া হৈছে । লগতে চহৰখনত চাকৰি কৰা অন্য জিলাৰ চাকৰিয়ালসকলো যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈ আহিছে বুলি কয় প্ৰতিবাদকাৰী সকলে ৷

আনহাতে, ৰে'ল ভেকুৱাম ব্ৰেক(GP Brake) উদ্ভাৱন কৰি ৰে'ল বিভাগলৈ উল্লেখযোগ্য অৱদান আগদঢ়োৱা কৰ্ণেল গুৰুপ্ৰসাদ দাসৰ (Cornel Guruprasad Das) জন্মচহৰ বৰপেটাক ৰেল সংযোগ কৰাৰ বাবে পূৰ্বতে কেন্দ্ৰীয় চৰকাৰে জৰীপ সম্পূৰ্ণ কৰাৰ পিছতো ৰে'লপথ নিৰ্মাণৰ কাম আৰম্ভ নকৰা কাৰ্যৰো সমালোচনা কৰে আছুৱে ৷ যেতিয়ালৈ বৰপেটাক ৰে'ল সংযোগ কৰা নহয় তেতিয়ালৈ এইদৰে প্ৰতিবাদী কাৰ্যসূচী অব্য়াহত থাকিব বুলি সকীয়াই দিছে আছুৱে ।

লগতে পঢ়ক:বৰলুইতৰ বুকুত ত্ৰিৰংগ পতাকা উৰুৱালে NDRF এ

ABOUT THE AUTHOR

...view details