নিউজ ডেস্ক, 7 এপ্ৰিল :ৰাজ্যত এতিয়া প্ৰায় অত্যাৱশ্যকীয় তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ চৰা দাম অব্যাহত আছে ৷ ধাৰাবাহিকভাৱে হোৱা মূল্যবৃদ্ধিয়ে একপ্ৰকাৰ কোঙা কৰি পেলাইছে সাধাৰণ লোকক ৷ এক কথাত ক’বলৈ হ’লে বজাৰৰ জুয়ে পাকঘৰত জ্বলোৱা জুই নিৰ্বাপিত কৰাৰ উপক্ৰম ঘটাইছে ৷ মূল্যবৃদ্ধি হ্ৰাস কৰাৰ বাবে সাধাৰণ ৰাইজে একমাত্ৰ চৰকাৰৰ মুখলৈ বাট চাই ৰৈছে ৷
কিন্তু বৰ্তমানলৈকে এইক্ষেত্ৰত কোনো স্পষ্ট স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ যাৰ বাবে ৰাজ্যৰ দল-সংগঠনসমূহ নামি পৰিছে চৰকাৰ বিৰোধী প্ৰতিবাদত ৷ বুধবাৰে ৰাজ্যৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই এই অভাৱনীয় মূল্যবৃদ্ধিৰ বাবে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ(AASU protest against Price hike) ৷
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বুধবাৰে বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি বৰ্ধিত মূল্য নিয়ন্ত্ৰণৰ দাবী তোলে(Barpeta AASU protest against price hike) ৷ প্ৰতিকূল বতৰৰ বাবে জিলা ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনৰ সন্মুখত ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীত আছুৰ সাংগঠনিক সম্পাদক কৃষ্ণকান্ত দাসৰ লগতে বৰপেটা মহকুমা ছাত্ৰ সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে ৷
মহানগৰীতো সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী প্ৰদৰ্শন(Guwahati AASU protest against price hike) ৷ পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছকে ধৰি খাদ্য সামগ্ৰী আদিৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে আছু কৰ্মীসকলে ৷ প্ৰতিবাদকাৰীসকলে নীলা ৰঙৰ এপ্ৰণ পৰিধান কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ যোগান বিভাগ হায় হায়, অসম চৰকাৰৰ হায় হায়, হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে আছু কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷
এপ্ৰণ পিন্ধি গুৱাহাটী আছুৰ প্ৰতিবাদ লগতে চাওক:মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত AJYCP ৰ প্ৰতিবাদ
গুৱাহাটী ক্লাবৰ ৰটাৰী পইণ্টত হাতে হাতে প্লে’ কাৰ্ড লৈ বিক্ষোভ প্ৰদৰ্শন কৰে প্ৰতিবাদকাৰীসকলে ৷ জনতাক শাসন কৰিবলৈ গাদীত বহা বিজেপি চৰকাৰে কিন্তু ৰাইজক শোষণহে কৰি আহিছে বুলি প্ৰতিবাদস্থলীত মন্তব্য কৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইনে ৷ মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে যোগান বিভাগ তথা চৰকাৰে যি ধৰণৰ পদক্ষেপ লোৱা উচিত, তেনে পদক্ষেপ চৰকাৰে আজিলৈকে গ্ৰহণ নকৰা বুলি প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে ৷ অভাৱনীয় মূল্যবৃদ্ধিৰ বাবে জনসাধাৰণৰ জীৱন একপ্ৰকাৰ স্থবিৰ হোৱাৰ উপক্ৰম ঘটা বুলিও প্ৰকাশ কৰে আছু কৰ্মীসকলে ৷
বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ বাক্সা জিলাৰ বৰমাতো অত্যাৱশ্যকীয় সামগ্ৰী, ৰন্ধন গেছৰ লগতে অন্যান্য নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ(Barama aasu protest against price hike) কৰে আছু কৰ্মীসকলে ৷ এই কাৰ্যসূচীত বৰমা আঞ্চলিক ছাত্ৰ সন্থাৰ অধীনষ্ঠ কেইবাখনো শাখা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, যোগান বিভাগ হায় হায় আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
ৰঙিয়াৰ ডিমুত প্ৰতিবাদকাৰীৰ চৰকাৰৰ বিৰুদ্ধে শ্ল’গান আনহাতে, ৰঙিয়াৰ ডিমু চ'কত চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তপ্ত(Dimu aasu protest against price hike) কৰি তোলে আছু কৰ্মীসকলে ৷ যোগান মন্ত্ৰী ৰণজিৎ দাসক এগৰাকী অকৰ্মণ্য মন্ত্ৰী আখ্যা দি মূল্যবৃদ্ধি ৰোধত মন্ত্ৰীগৰাকী ব্যৰ্থ হোৱা বুলি ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ৷ বিশেষকৈ শেহতীয়াভাৱে অভাৱনীয় হাৰত হোৱা মূল্যবৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰি পেলোৱা বুলি মন্তব্য কৰে প্ৰতিবাদকাৰীসকলে ৷
লগতে চাওক:AASU protest against Price hike : বয়-বস্তুৰ চৰা দামৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ ৰাজ্য