বৰপেটা,19মে':লক ডাউনৰ মাজতে আজি সম্পন্ন হয় বৰপেটা ৰত্ন তথা অসম চৰকাৰৰ কলাগুৰু বিষ্ণুৰাভা বঁটাপ্ৰাপক,সাংবাদিক তথা সাহিত্যিক পেঞ্চন প্ৰাপ্ত গোকুল পাঠকৰ দেহাৱসানৰ দহদিনীয়া ধৰ্মীয় অনুষ্ঠান ৷ শিল্পী-সাহিত্যিক গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে আজি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই অনুষ্ঠিত কৰে প্ৰয়াত গোকুল পাঠকৰ স্মৃতিচাৰণ সভা৷ সভাত উপস্থিত থাকে বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰ, বৰপেটাৰ বিশিষ্ঠ সাহিত্যিক কলাগুৰু বঁটাপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰ, সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি প্ৰদীপ দাসকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি৷উপস্থিত সকলোৱে স্মৃতিচাৰণ সভাত সুঁৱৰে প্ৰয়াত বৰপেটা ৰত্নগৰাকীক৷ ইপিনে, মহীৰূহ গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি লোকসংগীত আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক,বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা গোকুল পাঠকক মৰণোত্তৰভাৱে পদ্মসন্মান দিয়াৰ লগতে ৰাজ্যৰ সৰ্বোচ্চ সন্মান শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদানৰ বাবেও উদ্যোগ ল'বলৈ ৰাজ্য চৰকাৰক দাবী জনায় বৰপেটা জিলা ছাত্ৰ সন্থাই ৷ইয়াৰ উপৰিও গোকুল পাঠকৰ সৃষ্টি আৰু স্মৃতিৰাজিৰ সংৰক্ষণৰ বাবে সংগ্ৰহালয় স্থাপন আৰু গোকুল পাঠকে উদ্ধাৰ কৰা ভাতকুছি সত্ৰৰ উন্নয়ন আৰু বেদখল উচ্ছেদৰ বাবে ব্যৱস্থা ল'বলৈ জিলা প্ৰশাসনক দাবী জনায় বৰপেটা জিলা ছাত্ৰ সন্থাই৷
বৰপেটা ৰত্ন গোকুল পাঠকক মৰণোত্তৰভাৱে শংকৰদেৱ বঁটা প্ৰদানৰ দাবী আছুৰ - ইতিহাস প্ৰণেতা গোকুল পাঠক
মহীৰূহ গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি লোকসংগীত আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক,বৰপেটা সত্ৰৰ ইতিহাস প্ৰণেতা গোকুল পাঠকক মৰণোত্তৰভাৱে পদ্মসন্মান দিয়াৰ লগতে ৰাজ্যৰ সৰ্বোচ্চ সন্মান শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদানৰ বাবেও উদ্যোগ ল'বলৈ ৰাজ্য চৰকাৰক দাবী জনায় বৰপেটা জিলা ছাত্ৰ সন্থাই ৷ইয়াৰ উপৰিও গোকুল পাঠকৰ সৃষ্টি আৰু স্মৃতিৰাজিৰ সংৰক্ষণৰ বাবে সংগ্ৰহালয় স্থাপন আৰু গোকুল পাঠকে উদ্ধাৰ কৰা ভাতকুছি সত্ৰৰ উন্নয়ন আৰু বেদখল উচ্ছেদৰ বাবে ব্যৱস্থা ল'বলৈ জিলা প্ৰশাসনক দাবী জনায় বৰপেটা জিলা ছাত্ৰ সন্থাই৷
বৰপেটা ৰত্ন গোকুল পাঠকক মৰণোত্তৰভাৱে শংকৰদেৱ বঁটা প্ৰদানৰ দাবী আছুৰ
উল্লেখযোগ্য যে,যোৱা ১০ মে'ৰ নিশা বৰপেটা ৰত্ন গোকুল পাঠকৰ দেহাৱসান হোৱাৰ পিছতে ৰাজ্য চৰকাৰে ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰিছিল ৷
লগতে পঢ়কঃযুদ্ধ সদৃশ পৰিৱেশৰ পৰিল যৱনিকাঃএনকাউণ্টাৰত নিহত হত্যাকাৰী সঞ্জয় দাস