বৰপেটা, 8 জানুৱাৰীঃ বৰপেটাত জাৱৰ নিষ্কাষণৰ বাবে আৰম্ভ হোৱা বিশেষ আঁচনিত কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থা (আছু)ই ৷ স্বচ্ছ ভাৰত অভিযানৰ নামত ৰূপায়ন কৰা আঁচনিখনৰ 60 শতাংশ ধন সামগ্ৰী যোগানৰ পূৰ্বেই ঠিকাদাৰক মোকলাই দিয়া বুলি অভিযোগ তুলিছে বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণকান্ত দাসে ৷ আনহাতে, বৰপেটা পৌৰসভাই ছাত্ৰসন্থাৰ অভিযোগ নাকচ কৰি ঠিকাদাৰক 30 শতাংশ ধনহে আদায় দিয়া বুলি মন্তব্য কৰিছে ৷
জাৱৰ নিষ্কাষণ আঁচনিত কেলেংকাৰীৰ অভিযোগ আছুৰ - জাৱৰ নিষ্কাষণ আঁচনিত কেলেংকাৰীৰ অভিযোগ আছুৰ
জাৱৰ নিষ্কাষণ আঁচনিত কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে আছুয়ে ৷ সামগ্ৰী যোগানৰ পূৰ্বেই ঠিকাদাৰক 60 শতাংশ ধন মুকলি কৰি দিয়াৰ অভিযোগ আছুৰ ৷
জাৱৰ নিষ্কাষণ আঁচনি
স্বচ্ছতাৰ নামত ৰূপায়ন কৰা আঁচনিৰ ধনৰ খেলিমেলিক লৈ আছুৱে উত্থাপন কৰা অভিযোগে এই মূহুৰ্তত বিশেষ গুৰুত্ব বহন কৰিছে ৷ আনহাতে বৰপেটা চহৰৰ পানীত আৰ্চেনিকৰ উপস্থিতি ধৰা পৰাৰ পাচতো এই ক্ষেত্ৰত পৌৰসভাই কোনো পদক্ষেপ গ্ৰহণ নকৰাকলৈ ক্ষোভ প্ৰকাশ কৰিছে বৰপেটা জিলা ছাত্ৰ সন্থাই ৷