বৰপেটা, 21 মে’ :অসমত বিকল্প ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ ঘটোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আপৰ ৷ বিগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমী পাৰ্টীয়ে এখন আসন দখল কৰাৰ পিছত দলটোলৈ ধাৱমান হৈছে বহু লোক ৷ তদুপৰি কংগ্ৰেছ, এআইইউডিএফ-ৰ পৰিৱৰ্তে আম আদমী পাৰ্টীক ৰাজ্যৰ প্ৰধান বিৰোধী দল হিচাপে গঢ় দিয়াৰ প্ৰয়াস "আপ"ৰ ৰাজ্যিক নেতৃত্বৰ ৷
তাৰে পৰিপ্ৰেক্ষিতত শুকুৰবাৰে বৰপেটাৰ হাউলীত অনুষ্ঠিত হয় আপৰ যোগদান শিবিৰ(AAP joining programme in Howly) ৷ উল্লেখ্য যে, অলপতে এআইইউডিএফ ত্যাগ কৰি আপত যোগদান কৰিছিল নাওবৈচা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে ৷ চৌধুৰীয়ে দাবী অনুসৰি, বিগত দুটা মাহত ৫ লক্ষাধিক সদস্য ভৰ্তি হৈছে আপত ৷ শুকুৰবাৰে যোগদান শিবিৰত উপস্থিত থাকি এই দাবী কৰে চৌধুৰীয়ে ৷
ইপিনে ৰাজ্যৰ প্ৰতিষ্ঠিত বিৰোধী ৰাজনৈতিক দলসমূহৰ কোনো ভৱিষ্যত নাই আৰু এই দলসমূহে বিজেপিৰ সৈতে তিষ্ঠি থাকিব নোৱাৰে বুলিও দাবী কৰে আপৰ নেতাগৰাকীয়ে ৷ বিজেপিক সংগঠিত দল বুলি উল্লেখ কৰি আন বিৰোধী দলসমূহে ফেচবুকৰ লাইক, কমেণ্ট, শ্বেয়াৰ, হাত তালি, টিভিৰ বাইট, জন সমাৱেশকে সংগঠন বুলি ভাবে বুলিও মন্তব্য কৰে আপৰ নেতাগৰাকীয়ে ৷