অসম

assam

ETV Bharat / state

কলগাছিয়াৰ বৃহত্তৰ বান বিধ্বস্ত এলেকা পৰিদৰ্শন আমছুৰ - কলগাছিয়া

দেওবাৰে কলগাছিয়াৰ বাঘবৰ সমষ্টিৰ বৃহত্তৰ বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰি বানাক্ৰান্ত লোকৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে আমছুৱে ৷ বৃহত্তৰ অঞ্চলটো পৰিদৰ্শন কৰি ৰাইজৰ দুৰ্দশা অতি শীঘ্ৰেই লাঘৱ কৰিবলৈ চৰকাৰক দাবী জনায় ছাত্ৰ সংগঠনটোৱে ৷

বান বিধ্বস্ত এলেকা পৰিদৰ্শন আমছুৰ
বান বিধ্বস্ত এলেকা পৰিদৰ্শন আমছুৰ

By

Published : Jul 26, 2020, 10:11 PM IST

জনিয়া, 26 জুলাই:সংহাৰী বানে ক্ষতিগ্ৰস্ত কৰিছে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল ৷ গৃহহাৰা হৈছে বহু বন্যাৰ্ত ৷ ক'ৰবাত যদি বানাক্ৰান্তই চৰকাৰী সাহাৰ্য পাইছে কৰ'বাত আকৌ ন্যূনতম সাহাৰ্য দিয়েই দায়িত্ব সামৰি থৈছে চৰকাৰ প্ৰশাসন কিম্বা বিভাগীয় কৰ্তৃপক্ষই ৷ ব্যতিক্ৰম নহয় কলগাছিয়াৰ বৃহত্তৰ বান বিধ্বস্ত অঞ্চল বাঘবৰ সমষ্টিও ৷ ভৰ লুইতৰ বানে ব্যাপকভাৱে বিধ্বস্ত কৰিছে অঞ্চলটোৰ ৰাইজক ৷ কিন্তু এই পৰ্যন্ত প্ৰশাসন আৰু স্থানীয় জন প্ৰতিনিধিয়ে সেই অঞ্চললৈ আহি এবাৰলৈয়ো খবৰ লোৱা নাই বান বিধ্বস্ত লোকৰ ৷ এই অভিযোগ সদৌ অসম সংখ্যালঘু ছাত্ৰ সংগঠনৰ কৰ্মকৰ্তা সকলৰ ৷

কলগাছিয়াৰ বৃহত্তৰ বান বিধ্বস্ত এলেকা পৰিদৰ্শন আমছুৰ

দেওবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সংগঠনৰ কলগাছিয়া জিলা সমিতিৰ সহযোগত,মইনবড়ী আঞ্চলিক সমিতিৰ সদস্যসকলে সেই বান বিধ্বস্ত এলেকাসমূহ পৰিদৰ্শন কৰে ৷ লগতে বানাক্ৰান্ত লোকসকলৰ মাজত বিৰতণ কৰে অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰী ৷ ছাত্ৰ সংগঠনটোৰ সদস্য সকলে উল্লেখ কৰা অনুসৰি বান বিধ্বস্ত অঞ্চলটোত নাই মানুহ থকাৰ কোনো সুব্যৱস্থা ৷ জীৱ-জন্তুৰে একাকাৰ হৈ শুবলগীয়া হৈছে বানাক্ৰান্ত লোকে ৷ নাই পৰ্যাপ্ত খাদ্য সামগ্ৰী,নাই বিশুদ্ধ খোৱা পানীৰ লগতে দৰৱৰ ব্যৱস্থাও ৷ গোহালি সদৃশ ঘৰত জীৱন কটাইছে বৃহত্তৰ অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজে ৷ অঞ্চলটো পৰিদৰ্শন কৰি বানাক্ৰান্ত লোকৰ এই সমস্যা অতি শীঘ্ৰেই সমাধানৰ দাবী জনাইছে আমছুৰ সদস্য সকলে ৷ যদি চৰকাৰে বান সমস্যাৰ সমাধান নকৰে তেন্তে আগন্তুক দিনত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই দিয়ে ছাত্ৰ সংগঠনটোৰ লোকে ৷

লগতে পঢ়ক:কুণ্ডিল নদীৰ বাঢ়নী পানীত তীব্ৰ খহনীয়া 37 নং ৰাষ্ট্ৰীয় ঘাইপথত

ABOUT THE AUTHOR

...view details