জনীয়া, 19 এপ্ৰিল: সকলো ৰাজহুৱা ধৰ্মীয় স্থানৰ পৰা লাউড স্পীকাৰ আঁতৰোৱাৰ বাবে মহাৰাষ্ট্ৰৰ নৱ নিৰ্মাণ সেনাই ৰাজ্যচৰকৰাৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছে (Removal of loudspeakers from mosques) ৷ এই সন্দৰ্ভত দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ এই আহ্বানৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰিছে আমছুৰ উপ-সভাপতি ইউনুছ আলীয়েও ৷
মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ(Maharashtra Navnirman Sena) মুৰব্বী ৰাজ থাকৰেয়ে মছজিদৰ পৰা লাউড স্পীকাৰ আঁতৰাবলৈ সময়সীমা বান্ধি দিছে । এই মন্তব্যৰ বিপৰীতে আমছুৰ উপ-সভাপতি ইউনুছ আলীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এয়া ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ সিদ্ধান্ত । এটা ধৰ্মৰ কৰ্মৰাজি আঁতৰাই নিজ ধৰ্ম বাহাল ৰখাটো ধর্ম নিৰপেক্ষতাৰ আওতাত নপৰে বুলি মন্তব্য কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ উপ-সভাপতিগৰাকীয়ে ।