অসম

assam

ETV Bharat / state

কলগাছিয়াত আমছুৰ অৱস্থান ধৰ্মঘট - কলগাছিয়াত আমছুৰ অৱস্থান ধৰ্মঘট

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত কলগাছিয়াত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। কলগাছিয়া চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে।

কলগাছিয়াত আমছুৰ অৱস্থান ধৰ্মঘট
কলগাছিয়াত আমছুৰ অৱস্থান ধৰ্মঘট

By

Published : Nov 5, 2020, 10:46 PM IST

জনীয়া, ৫ নৱেম্বৰ: খাদ্য সামগ্ৰীৰ লগতে আন অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য ৰোধৰ দাবীত বৃহস্পতিবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই। বৰপেটাৰ কলগাছিয়াতো সংগঠনটোৰ জিলা সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কলগাছিয়া চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দুই ঘন্টীয়া বিক্ষোভ প্ৰদৰ্শন কৰে।

সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই অভিযোগ উত্থাপন কৰিছে যে, অস্বাভাৱিক মূল্যবৃদ্ধিৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ বাবে জীৱন প্ৰণালী চলাই নিয়াত অতি কষ্টকৰ হৈ পৰিছে। মধ্যবিত্ত তথা দৰিদ্ৰ লোকে সীমিত উপাৰ্জনেৰে মাহৰ আৰম্ভণিৰ কেইটামান দিনহে যেনে-তেনে পাৰ কৰিবলৈ সক্ষম হয়। একাংশ অসাধু ব্যৱসায়ীয়ে দালাল প্ৰকৃতিৰ লোকৰ সহযোগত ছিণ্ডিকেট সৃষ্টি কৰি পৰিকল্পিতভাৱে মূল্যবৃদ্ধি কৰিছে।

এই চক্ৰটোৰ লগত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ একাংশ উচ্চ পৰ্যায়ৰ বিষয়া আৰু শাসকীয় দলৰ নেতা-পালিনেতাও পৰোক্ষভাৱে জড়িত আছে বুলি অভিযোগ তুলিছে সংগঠনটোৱে। এই সন্দৰ্ভত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ মূল্যবৃদ্ধি আৰু দুৰ্নীতি প্ৰতিৰোধৰ দাবীত স্মাৰক পত্ৰ প্ৰেৰণ কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাই।

লগতে পঢ়ক:নৱম মৃত্যুবাৰ্ষিকীত ৰাজ্যজুৰি স্মৰণ সুধাকন্ঠ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাক

ABOUT THE AUTHOR

...view details