জনীয়া,7 জুন: কলগাছিয়াত আমছুৱে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । কৰ'ণা কালত নিৰীহ লোকক উচ্ছেদ কৰাৰ বিৰুদ্ধে ক’লা বেজ পৰিধান কৰি সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী । হোজাই জিলাৰ কাকী অঞ্চলত বিগত ৫০ বছৰ ধৰি বসবাস কৰি থকা ৭৪ টা পৰিয়ালক এই ক'ৰণা মহামাৰীৰ সংকটকালত অমানৱীয়ভাৱে প্ৰশাসনে উচ্ছেদ কৰি গৃহহীন কৰাৰ অভিযোগ তুলি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আমছুৱে ৷ প্ৰতিবাদস্থলীৰ পৰাই অসম চৰকাৰৰ এই কাৰ্যক অগণতান্ত্ৰিক, ফেচিবাদী আৰু স্বৈৰাচাৰী আখ্যা দিয়ে সংগঠনটোৱে ৷
কাকীবাসীৰ উচ্ছেদক লৈ কলগাছিয়াত আমছুৰ প্ৰতিবাদ - প্ৰতিবাদী কাৰ্য্যসূচী
হোজাই জিলাৰ কাকী অঞ্চলত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানক লৈ এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আমছুৰ কলগাছিয়া জিলা সমিতিয়ে ৷ প্ৰতিবাদস্থলীৰ পৰাই অসম চৰকাৰৰ এই কাৰ্যক অগণতান্ত্ৰিক, ফেচিবাদী আৰু স্বৈৰাচাৰী আখ্যা আমছুৰ ৷
কাকীবাসীৰ উচ্ছেদক লৈ কলগাছিয়াত আমছুৰ প্ৰতিবাদী
ক'ভিড প্ৰট'কল পালন কৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ কলগাছিয়া জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ উল্লেখ্য যে, কাকী অঞ্চলৰ উচ্ছেদ অভিযানৰ সন্দৰ্ভত কলগাছিয়াৰ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আমছুৰ কলগাছিয়া জিলা সমিতিয়ে ৷
লগতে পঢ়ক: গহপুৰত নাঙল-যুঁৱলি লৈ অভিনৱ প্ৰতিবাদ ৰাইজৰ