জনীয়া, 13 এপ্ৰিল :সম্প্ৰতি বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াৰ কবলত পৰিছে আমিনগাঁৱৰ পৰা দৌলাশাল হৈ লেংটিছিঙালৈ যোৱা ৰাজ্যিক ঘাইপথৰ জনীয়া সমষ্টিৰ শওপুৰৰ কৰাৰকুৰ অংশ ৷ উল্লেখ্য যে, খৰালি কালত এই পথছোৱা ভালদৰে নিৰ্মাণ নকৰাৰ ফলত বাৰিষা কালত সম্পূৰ্ণ বিধ্বস্ত হৈ পৰে ৷ সেয়ে এই ক্ষেত্ৰত এতিয়া কোনো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ বুধবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে শওপুৰৰ পথত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে (AAMSU Protest in Kalgachia)৷
প্ৰতিবাদকাৰীসকলে, অসম চৰকাৰ মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায়, জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা মুৰ্দাবাদ, সাংসদ আব্দুল খালেক মুৰ্দাবাদ, বিধায়ক ড৹ ৰফিকুল ইছলাম মুৰ্দাবাদ আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে । উল্লেখ্য যে, শীঘ্ৰেই চৰকাৰে গৰাখহনীয়াৰ স্থায়ী সমাধান নকৰিলে অনাগত দিনত আমছুৱে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷