জনীয়া, 27 জুলাইঃসোমবাৰে জনীয়াত মোডী চৰকাৰৰ বিৰোধীতাৰে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে আমছুৱে ৷ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া,বানাক্ৰান্ত লোকক খাদ্য,বিশুদ্ধ খোৱাপানী আৰু উপযুক্ত চিকিৎসা প্ৰদানৰ লগতে কেবাটাও দাবীৰে সোমবাৰে প্ৰতিবাদত নামে কলগাছিয়া জিলা আমছু ৷
চৰকাৰৰ বিৰোধিতাৰে আমছুৰ মানৱ শৃংখল কাৰ্যসূচী - চৰকাৰৰ বিৰোধীতাৰে আমছুৰ মানৱ শৃংখল কাৰ্যসূচী
কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্মুখতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰ হায় হায়,অসম চৰকাৰ হায় হায়, মোডী চৰকাৰ হায় হায়,আমছু জিন্দাবাদ আদি ধ্বনিৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ লগতে,আমছুৰ এই দাবী মানি নল'লে পৰৱৰ্তী সময়ত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে আমছুৱে।
![চৰকাৰৰ বিৰোধিতাৰে আমছুৰ মানৱ শৃংখল কাৰ্যসূচী Aamsu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8189713-thumbnail-3x2-p.jpg)
লগতে পঢ়কঃ সোণাৰিত উদ্ধাৰ এটা প্ৰকাণ্ড অজগৰ
ইয়াৰোপৰি সংগঠনটোৱে কেবাটাও দাবী সম্বলিত কৰি কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। লগতে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্মুখতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, মোডী চৰকাৰ হায় হায়, আমছু জিন্দাবাদ আদি ধ্বনিৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ লগতে,আমছুৰ এই দাবী মানি নল'লে পৰৱৰ্তী সময়ত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে আমছুৱে।