অসম

assam

ETV Bharat / state

চৰকাৰে উচ্ছেদ অভিযানৰ নাটকখন বন্ধ কৰিব লাগে : ৰেজাউল কৰিম সৰকাৰ - উচ্ছেদ অভিযান নাটকখন বন্ধ

কলগাছিয়াৰ মইনবৰীত গৰাখহনীয়া পৰিদৰ্শন কৰে আমছু সভাপতি ৰেজাউল কৰিম সৰকাৰে । বিধায়ক-সাংসদক ৰাজনীতি বাদ দি খহনীয়া প্ৰতিৰোধ কৰাৰ আহ্বান আমছু সভাপতিৰ । নহ’লে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ আমছু সভাপতিগৰাকীৰ (Kalgachia Erosion area) ।

Kalgachia Erosion area
মইনবৰীত গৰাখহনীয়া পৰিদৰ্শন কৰে আমছু সভাপতি ৰেজাউল কৰিম সৰকাৰে

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 1:17 PM IST

মইনবৰীত গৰাখহনীয়া পৰিদৰ্শন কৰে আমছু সভাপতি ৰেজাউল কৰিম সৰকাৰে

জনিয়া, ১৭ ডিচেম্বৰ :শনিবাৰে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম মইনবৰীত গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে । গৰাখহনীয়া পৰিদৰ্শন কৰি আমছু সভাপতিগৰাকীয়ে কয়, ‘‘ইতিমধ্যে মইনবৰী অঞ্চলত প্ৰায় ৬০০ টা পৰিয়ালৰ ভেঁটি-মাটি নদীত জাহ গৈছে ৷ লগতে সৰভোগৰ পৰা মইনবৰী হৈ তাৰাকান্দি লৈ যোৱা একমাত্ৰ গড়কাপ্তানি পথ আৰু পশ্চিম মইনবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনলৈ ভাবুকি কঢ়িয়াই আনিছে’’ ।

তেওঁ আৰু কয়, ‘‘অঞ্চলটোৰ একমাত্ৰ গড়কাপ্তানি পথটো ভাঙি গ’লে ৬ খন পঞ্চায়তৰ ৰাইজৰ যাতায়ত ব্যৱস্থা সম্পূৰ্ণ ৰূপে বন্ধ হৈ হাজাৰ হাজাৰ ৰাইজ আৱদ্ধ হৈ পৰিব’’ । সেয়ে তেওঁ বৰপেটা জিলাৰ আয়ুক্তক AC ৰুমৰ পৰা ওলাই আহি মইনৰবীৰ গৰাখহনীয়া ৰোধ কৰিব লাগে বুলিও মন্তব্য কৰে ৷

আনহাতে, অসম চৰকাৰ বিভাগীয় মন্ত্ৰীগৰাকীয়ে আন আন ঠাইত খহনীয়া ৰোধ কৰিবলৈ যিধৰণে চেষ্টা চলাই ঠিক সেইদৰে মইনবৰীতো খহনীয়া পৰিদৰ্শন কৰি বৃহত্তৰ অঞ্চলটো ৰক্ষা কৰিবলৈ অনুৰোধ জনায় আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ।

ইয়াৰ উপৰিও আমছুৰ সভাপতিগৰাকীয়ে উচ্ছেদ সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে ৷ তেওঁ কয়, ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুছলমানক টাৰ্গেড কৰি উচ্ছেদ চলাইছে ৷ এই উচ্ছেদ অমানৱীয় । অসমৰ বিভিন্ন নদীৰ গৰাখহনীয়াত কিমান পৰিয়াল ভেঁটি-মাটি হেৰুৱাইছে, তাৰ হিচাপ মুখ্যমন্ত্ৰীৰ হাতত থাকিব লাগিছিল ৷ চৰকাৰে যদি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিহেঁতেন সেই মানুহখিনি চৰকাৰী মাটিত নাথাকিলে হেঁতেন’’ ।

লগতে তেওঁ কয়, ‘‘প্ৰকৃতাৰ্থত মুখ্যমন্ত্ৰীয়ে যদি গৰাখহনীয়াৰ কৱলত পৰা মানুহখিনিক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিলেহেঁতেন, তেনেহ’লে কোনো সংখ্যালঘু মানুহে চৰকাৰী ভূমি বেদখল নকৰিলেহেতেন’’ । আমছু সভাপতিগৰাকীয়ে আৰু কয়, ‘‘অসম চৰকাৰে গৰাখহনীয়া হোৱা অঞ্চলসমূহত এটা জৰীপ কৰি প্ৰতিঘৰ মানুহক ভূমি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু উচ্ছেদ অভিযান নাটকখন বন্ধ কৰিব লাগে’’ ।

ইয়াৰ উপৰিও আমছু সভাপতিগৰাকীয়ে সাংসদ-বিধায়ককো কঠোৰ ভাষাৰে সমালোচনা কৰে ।

লগতে পঢ়ক :হেকাৰৰ কৱলত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ ফেচবুক পেজ

ABOUT THE AUTHOR

...view details