কলগাছিয়া, ২৯ জুন :বৰপেটা জিলাৰ কলগাছিয়াত চাঞ্চল্যকৰ ঘটনা (Sensational incident in Kalgachia)। এটা পৰিয়ালক আক্ৰমণ তিনি ভাতৃৰ । গুৰুতৰভাৱে আহত পৰিয়ালটোৰ তিনিজনকৈ লোক । ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালে ।
উল্লেখ্য যে ভুক্তভোগী পৰিয়ালটোৰ ঘৰৰ সমীপৰ বিদ্যুতৰ ট্রেন্সফৰ্মাটো বিকল হোৱাত ইউচুফ আলী নামৰ এগৰাকী লোকৰ ঘৰৰ ওচৰৰ ট্রেন্সফৰ্মাৰ পৰা বিদ্যুৎ সংযোগ দিব বিচাৰিছিল । কিন্তু ইউচুফ আলী নামৰ ছাত্ৰ নেতাজনে এই কামত বাধা প্ৰদান কৰে । যাৰ বাবে ভুক্তভোগী পৰিয়ালটোৱে তেওঁলোকৰ মাটিত থকা এট পথ বন্ধ কৰি দিছিল যিটো পথেৰে আমছু নেতাগৰাকীয়ে অহা যোৱা কৰিছিল । ইয়াৰ পাছতে দুয়োটা পৰিয়ালৰ মাজত সংঘাত আৰম্ভ হয় ।
পৰৱৰ্তী সময়ত ঘটনাটো মীমাংসাৰ বাবে নিশা এখন ৰাইজ মেল বহিছিল । উক্ত ৰাইজমেলতেই আমছু নেতাৰ বাহুবল প্ৰয়োগ কৰি পৰিকল্পিতভাৱে নিৰীহ পৰিয়ালটোক আক্ৰমণ কৰে (AAMSU leader attacks)। য'ত তিনিজনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।