অসম

assam

ETV Bharat / state

এনআৰচিৰ আপত্তিৰ প্ৰতিবাদত আমছুৱে কঁপালে কলগাছিয়া - NRC updation process

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ শুনানি প্ৰক্ৰিয়াৰ নামত প্ৰকৃত ভাৰতীয়ক বিদেশী সজাই হাৰাশাস্তি কৰি থাকে তেন্তে অধিক ভয়াৱহ আন্দোলনৰ কাৰ্যসুচী হোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে

এনআৰচিৰ আপত্তিৰ প্ৰতিবাদত আমছুৱে কঁপালে কলগাছিয়া

By

Published : May 13, 2019, 5:11 PM IST

বৰপেটা, 13 মে': ৰাষ্ট্ৰীয নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত সংখ্যালঘু লোকক সন্দেহযুক্ত নাগৰিক বুলি ভুৱা আপত্তি দৰ্শাই কৰি অহা হাৰাশাস্তিৰ বিৰুদ্ধে সোমবাৰে দিনৰ 11 বজাৰ পৰা 1 বজালৈ প্ৰতিবাদ সাব্যস্ত কৰে আমছুয়ে ৷ কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্য্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

এনআৰচিৰ আপত্তিৰ প্ৰতিবাদত আমছুৱে কঁপালে কলগাছিয়া

ভুৱা আপত্তি বাতিল কৰক, আমাক ন্যায় লাগে, এন আৰ চি বিৰোধী হুচিয়াৰ, এন আৰ চিৰ নামত সংখ্যালঘুলোকৰ ওপৰত হাৰাশাস্তি কৰা নচলিব আদি শ্লোগানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে ৷

আনহাতে, আমছুৰ এই প্ৰতিবাদক সমৰ্থন জনাই আমছুৰ প্ৰাক্তন কৰ্মী সকলেও প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ শুনানি প্ৰক্ৰিয়াৰ নামত প্ৰকৃত ভাৰতীয়ক বিদেশী সজাই হাৰাশাস্তি কৰি থাকে তেন্তে অধিক ভয়াৱহ আন্দোলনৰ কাৰ্যসুচী হোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

ABOUT THE AUTHOR

...view details