জনীয়া,27 মে’: বুধবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ টাকাকাটা জাউৰীমাৰী আঞ্চলিক সমিতিৰ উদ্যোগত পালন কৰা হয় শ্বহীদ দিৱস । কাল কৰ’ণাৰ ভয়াবহতাৰ বাবেই আমছুৱে অনুষ্টুপীয়াকৈ পালন কৰে শ্বহীদ দিৱসৰ কাৰ্যসূচী ৷
প্ৰতি বছৰে 26 মে’ৰ দিনটোত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে পালন কৰে শ্বহীদ দিৱসৰ কাৰ্যসূচী ৷ উল্লেখ্য যে, 1980 চনৰ পৰা বৰ্তমানলৈকে আমছুৰ গণতান্ত্ৰিক আন্দোলনত আত্মবলিদান দিয়া শ্বহীদ সকলৰ আত্মাৰ সদগতি হকে পালন কৰা হয় শ্বহীদ দিৱস ৷
আমছুৰ টাকাকাটা জাউৰীমাৰী আঞ্চলিক সমিতি উদ্যোগত পালন শ্বহীদ দিৱস টাকাকাটা জাউৰীমাৰী আঞ্চলিক সমিতিৰ উদ্যোগত পালন কৰা শ্বহীদ দিৱসত আমছুৰ সভাপতি শ্বাহ সুলতান, ইয়াছিন আলী ভূঞা আৰু কলগাছিয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক শ্বাহ জাহান আলীয়ে পতাকা উত্তোলন কৰে । কলগাছিয়া জিলা সমিতিৰ উপ-সভাপতি আজাদুল ভূঞাই শ্বহীদ তৰ্পণত মাল্যাৰ্পণ কৰে । আমছুৰ এই শ্বহীদ দিৱসৰ কাৰ্যসূচীত উপস্থিত থকে কলগাছিয়া জিলা সমিতিৰ কাৰ্যলয় সম্পাদক ৰবিউল আৱালৰ লগতে কেইবাগৰাকীও আঞ্চলিকৰ সভাপতি-সম্পাদকসকল ৷
লগতে পঢ়ক:পদপথত আশ্ৰিত লোকক নিৰাপদ আশ্ৰয় প্ৰদান মহানগৰ প্ৰশাসনৰ