বৰপেটা, ২১ জুনঃ চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ'ই ৰাজ্যত লগাইছে তোলপাৰ ৷ ৰাম সেনাৰ নাম লৈ কেইজনমান উদণ্ড যুৱকে ৰাজ্যত সৃষ্টি কৰিব বিচাৰিছে সাম্প্ৰদায়িক সংঘাত ৷ ৰাম সেনাৰ নামত নিৰীহ মুছলমান যুৱকক শাৰিৰীকভাৱে অপদস্থ কৰাৰ লগতে ধৰ্মীয় অনুভূতিত আঘাত হনা এটা ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিচতে ঘটনাটোক লৈ সমগ্ৰ ৰাজ্যখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰীয়াৰ ৷ ভাইৰেল হোৱা ভিডিঅ'টোত এখন টেম্প'ত গৈ থকা কেইজনমান মুছলমান যুৱকক বিভিন্ন ভয় ভাবুকি প্ৰদান কৰি একাংশ উদণ্ড যুৱকে জয় শ্ৰীৰাম ধ্বনি দিবলৈও বাধ্য কৰাইছিল ৷ লগতে যুৱককেইজনক শাৰিৰীকভাৱেও আক্ৰমণ চলায় উদণ্ড যুৱক কেইজনে ৷ পাচত এই সমগ্ৰ দৃশ্যৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ পাচতে ৰাজ্যজুৰি এই কাণ্ডৰ প্ৰতিক্ৰিয়া সৃষ্ট হৈছে ৷
ৰাজ্যত সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ চেষ্টা - ভিডিঅ' ভাইৰেল
ৰাম সেনাৰ নামত ৰাজ্যত সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ চেষ্টাঃ মুছলমান যুৱকক জয় শ্ৰীৰাম ধ্বনি দিবলৈ বাধ্য কৰিলে উদণ্ড যুৱকে ৷ বৰপেটা থানাত গোচৰ ৰুজু ।
সত্ৰ-নগৰী বৰপেটাক কলুষিত কৰিব পৰা এনে ঘটনাৰ সৈতে জৰিত উদণ্ড যুৱক আৰু যুৱককেইজনৰ এই কাৰ্যত উৎসাহ যেগোৱা ৰাম সেনা অসমৰ প্ৰতিষ্ঠাপক যোগী দেৱজিৎ ডেকাৰ বিৰুদ্ধে বৰপেটা আৰু হাউলী থানাত গোচৰ ৰুজু আমছুৰ বৰপেটা জিলা সমিতিৰ ৷ উল্লেখ্য যে ৰাম সেনা অসমৰ প্ৰতিষ্ঠাপক নেতা যোগী দেৱজিৎ ডেকাই চ'ছিয়েল মাধ্যম ফেচবুক যোগে ভাইৰেল কৰিছিল এই সাম্প্ৰদায়িক ভিডিঅ'টো ৷ ৰাম সেনাৰ নাম লৈ ৰাজ্যত অশান্তি বিয়পাবলৈ ষড়যন্ত্ৰ চলোৱা যোগী দেৱজিৎ ডেকা নামৰ নেতাজনৰ ওপৰত বৰপেটা জিলা আমছুৱে গোচৰ ৰুজু কৰাৰ পিচতে আৰক্ষীয়ে ১৩২৫/১৯ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ ইতিমধ্যে ফেচবুকৰ পৰা সকলো তথ্য আহৰণ কৰিছে আৰক্ষীয়ে ৷ আনহাতে যোগী দেৱজিৎ ডেকাৰ লগতে ঘটনাৰ সৈতে জৰিত উদণ্ড দুবৃত্তৰ দলটোক আটক কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰো দাবী জনাইছে আমছুৱে ৷