অসম

assam

ETV Bharat / state

AAMSU protest at Kalgachia: শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহেৰে কলগাছিয়াত আমছুৰ তীব্ৰ প্ৰতিবাদ

বিদ্য়ুৎ যোগান নিয়মীয়া কৰাৰ দাবীত ৰাইজ নামিল প্ৰতিবাদত (Protest at Kalgachia)। শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তলিকা দাহ কৰি শীঘ্ৰে বিদুৎ যোগান নিয়মীয়া কৰাৰ আহ্বান জনালে বৰপেটাৰ বালিকুৰিবাসী ৰাইজে (AAMSU burns power minister effigy at kalgachia)।

amsu burns electricity minister effigy in kalgaasia
শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহেৰে কলগাছিয়াত আমছুৰ তীব্ৰ প্ৰতিবাদ

By

Published : Jul 18, 2022, 8:56 AM IST

জনীয়া,১৮ জুলাই:কলগাছিয়া আমছুৰ সহযোগত আৰু বালিকুৰী আঞ্চলিক আমছুৰ উদ্যোগত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিমূৰ্তি দাহেৰে তীব্র প্ৰতিবাদ (Protest against power minister) । নিয়মীয়াকৈ বিদ্যুৎ যোগানৰ দাবীত আমছুৰ নেতৃত্বত গাঁওখনৰ ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ । অৰ্ধ শতাধিক ৰাইজে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত (Demand for regularizing of electricity supply) ।

জানিব পৰা মতে, বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত তথা সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ এলেকাধীন বালিকুৰি গাঁওখনৰ ৰাইজে দীৰ্ঘদিন ধৰি ভুগি আহিছে বিদ্যুতৰ সমস্যাত । ২৪ ঘণ্টাৰ ভিতৰত মাত্ৰ ৩/৪ ঘণ্টাহে বিদ্যুৎ সেৱা লাভ কৰে গাঁওখনৰ বাসিন্দাই । শক্তি বিভাগৰ এনে লুকাভাকু খেলত অতিষ্ঠ হৈ পৰিছে বালিকুৰিবাসী ৷

শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহেৰে কলগাছিয়াত আমছুৰ তীব্ৰ প্ৰতিবাদ

নিয়মিত বিদ্যুৎ যোগান নধৰাৰ ফলত প্ৰচণ্ড গৰমত নাজল নাথল অৱস্থা হৈছে ৰাইজৰ । লগতে পোহৰৰ অভাৱত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষেত্ৰতো বহু সমস্যাৰ সৃষ্টি হৈছে । স্থানীয় ৰাইজে নিয়মীয়াকৈ বিদ্যুৎ বিচাৰি বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো শক্তি বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে । অতি শীঘ্ৰে বিদ্যুৎ যোগান নিয়মীয়া নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে আমছুৱে ।

লগতে পঢ়ক:Presidential Election 2022: দেওবাৰে পুৱাৰ পৰা নিশালৈকে দিছপুৰত বৰআখৰা

ABOUT THE AUTHOR

...view details