বৰপেটা ৰোড, 19অক্টোবৰঃশিৱসাগৰৰ এখন সভাত ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই AIUDF প্ৰধান বদৰুদ্দিন আজমলক বৰেণ্য সাহিত্যিক তথা প্ৰাক্তন সভাপতিদ্বয় চৈয়দ আব্দুল মালিক আৰু ইমৰান শ্বাহৰ সৈতে তুলনা কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ সোমবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক হাছিফুল ইছলামে ৷
সম্পাদকগৰাকীয়ে সাংসদগৰাকীৰ মন্তব্যক ধিক্কাৰ দি বাংলাদেশী মূলৰ বোকোচাত উঠি সাংসদ হোৱা অজিত কুমাৰ ভূঞাক অসমৰ ৰাইজে বুজি পোৱাত অসুবিধা হোৱা নাই বুলি উল্লেখ কৰে ৷ তদুপৰি অজিত কুমাৰ ভূঞাই নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ বাবেহে CAA আন্দোলনৰ নেতৃত্ব দিছিল বুলি অভিযোগ কৰে সাধাৰণ সম্পাদক হাছিফুল ইছলামে ৷